কেন্দ্রীয় শ্রম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই আজি সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত তেওঁ উপ ৰাষ্ট্ৰপতিগৰাকীক শ্রম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ে গ্রহণ কৰা গুৰুত্বপূৰ্ণ উদ্যম আৰু নীতিগত সংস্কাৰৰ বিষয়ে অৱগত কৰে। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে শ্রম আইনৰ সলনিকৰণ, সামাজিক সুৰক্ষা বৃদ্ধি আৰু বিভিন্ন ক্ষেত্ৰত কৰ্ম-সংস্থাপনৰ নতুন সুযোগ সৃষ্টিৰ বাবে শ্রম আৰু নিয়োগ মন্ধ্যালয়ে চলোৱা প্রচেষ্টাক লৈ সন্তুষ্টি প্রকাশ কৰে। তেওঁ লগতে শ্ৰমিকসকলৰ কল্যাণ আৰু দেশৰ উন্নয়ন যাত্ৰাক সর্বাত্মক অর্থনৈতিক বিকাশৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মন্ত্ৰ্যালয়ৰ প্রতিশ্রুতিবদ্ধতাৰ শলাগ লয়। বৈঠকত শ্রম আৰু নিয়োগ দপ্তৰৰ ৰাজ্য মন্ত্রী শোভা কাৰান্দলাজে আৰু যুৱ পৰিক্ৰমা আৰু ক্রীড়া ৰাজ্য মন্ত্ৰী নিখিল খড়ছে উপস্থিত থাকে।
Assamese | October 14, 2025 8:24 PM | Dr. Mansukh Mandaviya
সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ ড০ মনসুখ মন্দাভিয়াৰ