চৰকাৰে জন ঔষধি কেন্দ্ৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি নীতি আয়োগৰ সদস্য ভি কে প‘লে প্ৰকাশ কৰিছে। আসন্ন জন ঔষধি দিৱস সম্পর্কে আজি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত কয়, যে জন ঔষধি কেন্দ্ৰসমূহত প্ৰায় দুহেজাৰবিধ ঔষধ আৰু অস্ত্ৰোপচাৰৰ ৩ হাজাৰ আহিলা উপলব্ধ ৷ তেওঁ লগতে কয়, যে বহনসাধ্য দৰত উচ্চ মানৰ ঔষধ যোগান ধৰাই এই বিপণীসমূহৰ মূল উদ্দেশ্য। শ্ৰীপলে কয়, যে বর্তমান দেশত প্ৰায় ১৫ হাজাৰ জন ঔষধি কেন্দ্ৰ আছে আৰু ২০২৭ চনলৈ এনে কেন্দ্ৰৰ সংখ্যা ২৫ হাজাৰলৈ বৃদ্ধি কৰা হ‘ব।
Assamese | March 4, 2025 8:25 PM | V.K. pal
জন ঔষধি কেন্দ্ৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে চৰকাৰে অভিযান আৰম্ভ কৰা বুলি ভি কে প’লৰ প্ৰকাশ