উত্তৰ প্ৰদেশৰ সোণভদ্রা জিলাৰ এটা শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত কৰ্মৰত অৱস্থাত এজন শ্রমিকৰ মৃত্যু হয়। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। শিলৰ কুৱেৰীটোত খহি পৰা প্ৰকাণ্ড শিল আৰু তাত জমা হৈ পৰা পানীৰ বাবে উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰ্যত যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে। শিলৰ কুৱেৰীটোত সংঘটিত দুর্ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী বিভাগে কুৱেৰীটো লিজত লোৱা এজন লোকৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে কুৱেৰীটোত দীর্ঘদিন ধৰি অবৈধভাবে শিল খননকার্য চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। সোণভদ্রা জিলাৰ অৱাৰ বিল্লী মার্কন্দি গাঁৱত সংঘটিত এই ঘটনাত যোৱা শনিবাৰে এজন শ্রমিকৰ মৃত্যু হৈছিল। ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী- এছ ডি আৰ এফ তথা স্থানীয় প্রশাসনে কুৱেৰীটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধসদৃশ তৎপৰতা চলাই আছে বুলি আমাৰ আকাশবাণীৰ সংবাদাদাতাই জনাইছে।
Assamese | November 17, 2025 1:34 PM | Uttar Pradesh
উত্তৰ প্ৰদেশৰ শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলৰ উদ্ধাৰৰ অভিযান অব্যাহত