কেন্দ্রীয় লোকসেৱা আয়োগৰ অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ত শিলচৰৰ বাৰিক নগৰৰ বিকাশ যাদৱে স্থান লাভ কৰিছে। এই পৰীক্ষাত সৰ্বভাৰতীয় ৰেংকিঙত বিকাশ যাদৱে পঞ্চবিংশ স্থান অধিকাৰ কৰিছে। ইয়াৰ পূর্বে ২০২০ চনত অনুষ্ঠিত পৰীক্ষাত ৩৯ নম্বৰ স্থান লাভ কৰি তেওঁ জলশক্তি মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় জল আয়োগত সহকাৰী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। প্ৰায় ৫ বছৰ পাছত অভিযান্ত্রিক সেৱাৰ পৰীক্ষাত পুনৰবাৰ অৱতীৰ্ণ হৈ বিকাশ যাদবে এই সফলতা লাভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে।
Assamese | December 19, 2025 7:23 PM | UPSC
কেন্দ্রীয় লোকসেৱা আয়োগৰ অভিযান্ত্ৰিক সেৱা পৰীক্ষা-২০২৫ত শিলচৰৰ বিকাশ যাদৱৰ পঞ্চবিংশ স্থান লাভ