অসমে উত্তৰ প্ৰদেশত অনুষ্ঠিত ল’ৰা আৰু ছোৱালীৰ ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ৭ টা পদক অর্জন কৰিছে। আজি সামৰণি পৰা এই প্ৰতিযোগিতাৰ ৩৭ৰ পৰা ৪০ কিলোগ্রাম ওজন শাখাত প্ৰিয়াক্ষী গগৈয়ে তামিলনাডুৰ এছ সাৰথ তামিলক ৫–০ পইণ্টত পৰাভূত কৰি সোণৰ পদক অৰ্জন কৰে। নেহা পৱদেলে হাৰিয়ানাৰ জিবিকাৰ হাতত ০-৫ ফলাফলত পৰাভূত হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে ল’ৰাৰ ৬১ৰ পৰা ৬৪ কিলোগ্রাম ওজন শাখাত কনকন কিষণে উত্তৰাখণ্ডৰ মনিষ কাৰংগৰ হাতত ৫-০ ফলাফলত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ছোৱালীৰ শাখাত কস্তুৰি গগৈ আৰু জুলি দলে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ল’ৰাৰ শাখাত মহম্মদ জয়ান আহমেদ আৰু মিলিন্দ কাশ্যপ বৰাই নিজ নিজ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।
Assamese | August 13, 2025 9:32 PM | up sub junior boxing assam 7 medals
উত্তৰ প্ৰদেশত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ৱ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাত অসমৰ এটা সোণসহ ৭টা পদক অর্জন