উত্তৰ প্ৰদেশৰ গোড়খপুৰত কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া ২৫ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং চেম্পিয়নশ্বিপৰ বাবে অসমৰ পাঁচজনীয়া দলৰ নাম ঘোষণা কৰিছে। অসম ব’ৰ্ট ৰেচিং এণ্ড ৰ’য়িং এছ’চিয়েচনৰ ল’ৰা আৰু ছোৱালীৰ এই দলটো ঘোষণা কৰিছে। ২৬ অক্টোবৰলৈকে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ ল’ৰাৰ শাখাত আয়ান খান আৰু ফাৰহান আলী আৰু ছোৱালীৰ শাখাত জেছিকা বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে, ১৩ বছৰ অনূৰ্ধ্বৰ ছোৱালীৰ দলীয় শাখাত আকাব্ৰতা বৰগোঁহাই আৰু ইপ্সিতা চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷
Assamese | October 21, 2024 9:17 PM | up junior roying assam team
উত্তৰ প্ৰদেশত হ’বলগীয়া ২৫সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং চেম্পিয়নশ্বিপৰ বাবে অসমৰ ৫জনীয়া দলৰ নাম ঘোষণা