উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই আজি চিত্রকোটত আয়োজিত নির্বাচনী সভাত ভাষণ প্ৰসংগত কয় যে, জনসাধাৰণে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে। শ্ৰী মোদী তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে বুলিও তেওঁ মত প্ৰকাশ কৰে। সন্ধিয়াৰ ভাগলৈ নেতাগৰাকীয়ে ফটেহপুৰত আয়োজিত আন এটা নির্বাচনী সমাৱেশত অংশগ্ৰহণ কৰাৰ কথা। তদুপৰি তেওঁ লক্ষ্ণৌ, উন্নাউ, মোহনলাল গঞ্জ আৰু ৰায়বেৰেলী লোকসভা সমষ্টিৰ দলৰ জ্যেষ্ঠ কৰ্মীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। চতুর্থ পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহৰ বিধায়ক তথা বিধান পৰিষদৰ সদস্যসকলৰ এখন বৈঠকতো তেওঁ অধ্যক্ষতা কৰিব। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেখ য়াদবে আজি বাহৰেইচত আয়োজিত এখন নির্বাচনী সমাৱেশত ভাষণ প্ৰসংগত কয় যে বিজেপিয়ে দেশৰ কৃষক আৰু যুৱচামৰ বিৰুদ্ধে কাম কৰি আছে। তেওঁ লগতে ধাওৰাহৰা আৰু লখিমপুৰ খিৰি সমষ্টিটো নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো আজি ৰায়বালেী সমষ্টিত নির্বাচনী প্ৰচাৰত অংশ ল’ব। ইপিনে বহুজন সমাজপাৰ্টীৰ মুৰব্বী মায়াবতীয়ে কন্নৌজ জিলাত আয়োজিত নির্বাচনী সমাৱেশত অংশ ল’ব।
Assamese | May 9, 2024 9:10 PM | General Election 2024 | India | Lok Sabha Election | Lok Sabha Elections 2024 | LS Election
উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত