মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা ৰাজ্যৰ সাতখন শিক্ষানুষ্ঠানত কালি উপাচার্য নিযুক্তি দিয়া হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়াক, শিৱসাগৰ বিশ্ববিদ্যালয়ত অধ্যাপক মহাদেৱ পাটগিৰিক, নগাঁও বিশ্ববিদ্যালয়ত অধ্যাপক হিতেশ ডেকাক, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত অধ্যাপক মুকুল বৰাক, বঙাইগাঁও বিশ্ববিদ্যালয়ত অধ্যাপক তাৰিণী চন্দ্ৰ ডেকাক, শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত অধ্যাপক নিৰঞ্জন ৰয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ত অধ্যাপক গণেশ চন্দ্ৰ ৱাৰিক উপাচার্য পদত নিযুক্তি দিয়া হৈছে। এই উপাচার্য নিযুক্তিৰ পাছতেই কেউখন বিশ্ববিদ্যালয়ত নামভর্তি প্রক্রিয়াসহ অন্যান্য বিদ্যায়তনিক কাম-কাজ আৰম্ভ কৰিব পৰা যাব। উল্লেখযোগ্য যে ২০২৩ চনত অসম চৰকাৰে ৭ খন নতুন বিশ্ববিদ্যালয় আইন গৃহীত কৰিছিল যদিও শিৱসাগৰ বিশ্ববিদ্যালয়ত এগৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্যক দায়িত্ব দিয়াৰ বাহিৰে আন বিশ্ববিদ্যালয় কেইখনত উপাচার্য নিযুক্তি নিদিয়াত বিদ্যায়তনিক কাম-কাজ আৰম্ভ কৰিব পৰা হোৱা নাছিল ৷
Assamese | July 15, 2025 12:33 PM | University
ৰাজ্যৰ সাতখন শিক্ষানুষ্ঠানত উপাচার্য নিযুক্তি