কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি নতুন দিল্লীত দেশজোৰা বাল্য বিবাহমুক্ত ভাৰত অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অভিযানৰ মূল লক্ষ্য হ’ল– ভাৰতক এখন বাল্য বিবাহমুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বাল্য বিবাহমুক্ত ভাৰত প’ৰ্টেলো মুকলি কৰে। সজাগতা সৃষ্টি, বাল্যবিবাহ ৰোধ আৰু এনে ঘটনাৰ বাতৰি তাৎক্ষণিকভাৱে জানিব পৰাত সহায়ক হোৱাকৈ এই প’ৰ্টেলটো প্ৰস্তুত কৰা হৈছে।
Assamese | November 27, 2024 7:16 PM | Union Women and Child Development Minister Annapurna Devi
নতুন দিল্লীত দেশজোৰা বাল্য বিবাহমুক্ত ভাৰত অভিযান মুকলি কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ