গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে কালি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধৰ কামত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে। কালি হাছানত সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে মংগালুৰুৰ কুদ্ৰেমুখ লোহা কাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উন্নয়নত সমর্থন জনাই বিভিন্ন উন্নয়নমুলক কার্যসূচী গ্ৰহণ কৰিছে যদিও ৰাজনৈতিক শত্রুতাৰ বাবে কংগ্ৰেছ নেতাসকলে দেৱদাৰী খনন প্রকল্প পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে আৰু কুদ্ৰেমুখ কাৰখানাৰ শতাধিক শ্রমিকে চাকৰি হেৰুৱাইছে। কুমাৰাস্বামীয়ে লগতে কয় যে বন বিভাগৰ ভূমি বিবাদৰ অজুহাতত কংগ্ৰেছে বাধাৰ সৃষ্টি কৰিছে ।
Assamese | February 3, 2025 12:13 PM | Union Steel Minister H.D. Kumaraswamy
কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধত লিপ্ত হৈছে বুলি এইচ ডি কুমাৰাস্বামীৰ অভিযোগ