কেন্দ্ৰীয় চৰকাৰে দেশক গোলকীয় সামুদ্রিক শক্তিৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ইয়াৰ বিশাল উপকূলভাগ আৰু কৌশলগত স্থিতিৰে সামুদ্রিক ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শ্ৰীসোণোৱালে কোচিৰ ভাৰতীয় সামুদ্রিক বিশ্ববিদ্যালয় চৌহদৰ ছাত্ৰী নিবাস তথা পুথিভঁৰাল ভৱনৰ আধাৰশিলা স্থাপন কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে দেশৰ সমুদ্ৰ পথেৰে যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা যোৱা বছৰ ৩ লাখ ১৭ হাজাৰলৈ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে ভার্চুৱেল ব্যৱস্থাৰে ভাৰতীয় সামুদ্রিক বিশ্ববিদ্যালয়ৰ ছটা চৌহদত ৬৮ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা ভালেমান প্রকল্পও মুকলি কৰে।
Assamese | April 8, 2025 9:25 PM | and Waterways Sarbananda Sonowal | Shipping | Union Minister for Ports
কেন্দ্ৰীয় চৰকাৰে দেশক গোলকীয় সামুদ্রিক শক্তিৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলাই আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল