কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৪ আগষ্টত দিল্লী বিধানসভাত অখিল ভাৰতীয় অধ্যক্ষ সন্মিলন উদ্বোধন কৰিব। দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত অধ্যক্ষ হিচাপে ভিট্টলভাই পেটেলে কেন্দ্রীয় বিধানসভাৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণৰ শতবার্ষিকী উদযাপন উপলক্ষে দুদিনীয়াকৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰৰ গুপ্তাই কয়, যে এই সন্মিলনত ভিট্টলভাই পেটেলৰ জীৱন, সংসদলৈ অৱদান তথা স্বাধীনতা সংগ্ৰামত তেওঁৰ ভূমিকাৰ ওপৰত আধাৰিত এখন প্ৰদৰ্শনী, এখন বিশেষ তথ্যচিত্র আৰু এটা স্মাৰক ডাক টিকট মুকলি কৰা হ’ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সন্মিলনক সামৰণি অধিৱেশনত সভাপতিত্ব কৰিব। সন্মিলনত ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ নাৰায়ণ সিং, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দৰ সিং শেখাৱৰ্ট আৰু কিৰেন ৰিজিজু, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰ, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই অংশগ্ৰহণ কৰিব।
Assamese | August 12, 2025 12:53 PM | Union Minister Amit Shah to inaugurate 2-day All India Speakers Conference on August 24
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৪ আগষ্টত দিল্লী বিধানসভাত অখিল ভাৰতীয় অধ্যক্ষ সন্মিলন উদ্বোধন কৰিব