ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছে পহলগামৰ সন্ত্ৰাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। কোনো পৰিস্থিতিতে অসামৰিক লোকৰ ওপৰত হোৱা আক্ৰমণ গ্রহণযোগ্য নহয় বুলি তেওঁ মন্তব্য কৰিছে। সচিব প্রধানগৰাকীৰ মুখপাত্র ষ্টিফেন ডুজাৰিকে কৈছে যে শ্রীগুটেৰেছে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এটা গোটে সংঘটিত কৰা এই আক্ৰমণত ২৬জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে।
Assamese | April 24, 2025 10:37 AM | UN chief Antonio Guterres strongly condemns Pahalgam terror attack
কোনো পৰিস্থিতিতে অসামৰিক লোকৰ ওপৰত হোৱা আক্ৰমণ গ্রহণযোগ্য নহয়ঃ ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছ