ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ তিনকিলোৰ এটা কয়লাখনিত ৯জন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোচাৰ পত্নী কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। যোৱা ৬ জানুৱাৰীত এন্দুৰৰ গাঁত সদৃশ তিনকিলোৰ এই কয়লাখনিটোত পানী সোমাই যোৱাৰ ফলত তাত থকা শ্রমিককেইজন আৱদ্ধ হৈ পৰে আৰু পাছত অভিযান চলাই ৯ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আদালতে নিৰ্দেশত উল্লেখ কৰা মতে, এই কয়লাখনিটো কণিকা হোজাইৰ নামত পঞ্জীকৃত হৈ আছে। ইয়াৰ আগেয়ে উমৰাংছ’ থানাৰ দেৱলাল গালোচা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এই বিষয়ক লৈ এটা গোচৰ ৰুজু কৰা হৈছিল। ৰাজ্য চৰকাৰে এই ঘটনাৰ কাৰণ আৰু দায়ীসকলক চিনাক্ত কৰাৰ বাবে এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই দলটোৱে বিষয়টো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
Assamese | April 8, 2025 9:01 PM | umrangso coal mine death
উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশ