ওদালগুৰিৰ ডিমাকুছি থানাৰ অন্তৰ্গত শুক্লাইত পথ দুৰ্ঘটনাত যুৱক নিহত

ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত শুক্লাইত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

চাহপাত কঢ়িয়াই নিয়া বাহনৰ সৈতে মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোত নিহত যুৱকজন ডিব্ৰুগড় সুনীল দাস আৰু আহত যুৱকজন নালাপাৰাৰ ৰক্তিম কলিতা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে নিহত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ হাস্পতাললৈ প্ৰেৰণ লগতে গুৰুতৰভাৱে আহত ৰক্তিম কলিতাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।