জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনত ৰূপায়িত হৈ থকা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনি সন্দৰ্ভত পর্যালোচনা কৰে। ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত মন্ত্ৰী শ্ৰীহাজৰিকাই আঁচনিখনৰ সফল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। আঁচনিদুখনৰ পৰা যাতে যোগ্য হিতাধিকাৰী বাদ পৰি নাযায়, তাৰ বাবে বিষয়াসকলক আঁচনিৰ সঠিক ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিবলৈ তেওঁ লগতে নির্দেশ দিয়ে।
Assamese | June 21, 2025 8:08 PM | piyush hazarika
ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত এটি কলি দুটি পাত আঁচনি সন্দৰ্ভত পর্যালোচনা পীযূষ হাজৰিকাৰ