বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টন ২০২৪ত ভাৰতীয় পুৰুষ দলে গ্রুপ-চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত থাইলেণ্ড দলক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে এতিয়া গ্ৰুপৰ বিজয়ী নির্ণায়ক খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ’ব। আনহাতে ভাৰতীয় মহিলা দলেও একেৰাহে দুখনকৈ খেলত জয়লাভ কৰি গ্ৰুপৰ অন্তিম ৮টা দলৰ ভিতৰত স্থান লাভ কৰে। দলটোৱে কাইলৈ গ্ৰুপ-এৰ অন্তিমখন খেলত চীনৰ বিৰুদ্ধে খেলিব।
Assamese | April 29, 2024 6:32 PM | Uber Cup Badminton
বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ৫-০ ফলাফলত জয় ভাৰতীয় পুৰুষ দলৰ, কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত