June 6, 2025 12:29 PM | Tinishukia

printer

অসমৰ চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ মহিলা গৱেষকৰ দল তিনিচুকীয়াত উপস্থিত

অসমৰ ২০০ বছৰীয়া চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ ৭ গৰাকী মহিলা গৱেষকৰ এটা দল তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহাসিক বিছা গাঁৱত উপস্থিত হৈছে। দলটোৱে অসমৰ চাহ শিল্পৰ আদিভূমি বিছা গাঁৱত উপস্থিত হৈ বিছাৰজাৰ বাসগৃহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ২০০ বছৰৰ পূৰ্বে লিডু বিছা গাঁৱৰ ছিংফ‘ ৰজা বিছাগামৰ সৌজন্যত স্কটিছ উদ্যোগী ৰবাৰ্ট ক্ৰছে অসমত চাহৰ সন্ধান পাইছিল। অসমৰ চাহৰ আদিভূমি এই ঠাই পৰিভ্ৰমণ কৰিবলৈ অহা জাপানী গৱেষকৰ দলটো অসম চাহ পৰ্যটন উদ্যোগৰ প্ৰচাৰত ড° প্ৰদীপ বৰুৱাই সহযোগ কৰে। গৱেষকসকলে জনগোষ্ঠীটোৱে ২০০ বছৰৰ আগেয়ে কেনেকৈ হাতেৰে চাহ প্ৰস্তুত কৰিছিল সেই বিষয়ে আলোচনা কৰাৰ লগতে বৰ্তমান জনগোষ্ঠীটোৰ মাজত চাহ ব্যৱহাৰ সন্দৰ্ভতো আলোকপাত কৰে।