অসম চৰকাৰৰ সৌজন্যত তথা বাৰেকুৰিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত কালিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে আজিও তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ‘ব। দিৱসৰ সৈতে সংগতি ৰাখি কালি বিভিন্ন নৃত্য-গীত, কুইজ, চিত্রাংকন, শ্ল‘গান লিখন আদি প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে পৰিৱেশ, হলৌ বান্দৰ সংৰক্ষণ আৰু বাৰেকুৰিত গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনা শীৰ্ষক আলোচনাচক্র অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে বাৰেকুৰি হলৌ বান্দৰৰ বাবে প্ৰখ্যাত হৈ পৰিছে।
Assamese | October 24, 2024 1:11 PM | Tinishukia
কালিৰে পৰা দুদিনীয়াকৈ বিশ্ব হলৌ দিৱসৰ আয়োজন