তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। অঞ্চলটোৰ দীঘলসাঁকো গাঁৱৰ ৰাজহুৱা খেলপথাৰত অহা ২৩ আৰু ২৪ অক্টোবৰত বিশ্ব হলৌ দিৱস পালন কৰা হ’ব। এই উপলক্ষে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতীয়া, সভাপতি প্রবাল চেতীয়াক কাৰ্যকৰী সভাপতি, বিতুপন গোহাঁই আৰু গনিধৰ চুতীয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখন অভ্যর্থনা সমিতি গঠন কৰা হৈছে। উল্লেখযোগ্য যে বনমানুহ ৰূপে পৰিচিত হলৌ বান্দৰৰ মুক্ত বিচৰণ, মানুহৰ সৈতে থকা আত্মীক সম্পর্কই বাৰেকুৰি অঞ্চলটো পৰ্যটনৰ দিশত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
Assamese | September 9, 2024 11:19 AM | tinisukia barekuri
তিনিচুকীয়া জিলাৰ বাৰেকুৰিত ২৩-২৪ অক্টোবৰত বিশ্ব হলৌ দিৱস পালনৰ প্ৰস্তুতি