প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত The Future of Environment and Climate Dynamics শীর্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। দুদিনীয়া এই সন্মিলন ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে আয়োজন কৰিছে। এই সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু জিলা ন্যায়াধীশৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিব তথা জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিব।
তদুপৰি ৰাজ্যিক ন্যায়িক একাডেমী, ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ ৰাজ্যিক প্ৰাধিকৰণৰ প্ৰতিনিধিয়েও এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে আন ১৭খন ৰাষ্ট্ৰৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্রতিনিধিয়েও অংশ লবলগীয়া এই সন্মিলনত ন্যায়িক কার্যপন্থা, বিজ্ঞান সম্পৰ্কীয় জ্ঞান, পৰিবেশ সংক্রান্তীয় প্রশাসন ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ৰ আদান প্রদান ঘটিব।