পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। নতুন ৰূপত হ’বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউ টিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ’ব । চলিত বৰ্ষত এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় ৩ কোটি শিক্ষার্থী, শিক্ষক আৰু অভিভাৱকে নাম পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত ৩৬ গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। এই অনুষ্ঠানত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীয়ে সন্মুখীন হোৱা মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলোকপাত কৰা হয়। এই অনুষ্ঠানৰ বাবে অনলাইন পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ ভিতৰত ৬ৰ পৰা ১২ গৰাকীক বাছনি কৰা হয় ৷
Assamese | February 8, 2025 9:17 PM | The eighth edition of Pariksha Pe Charcha
নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ