থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন
থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰে ৮ মে’ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। জিনীয় বিসঙ্গতিৰ বাবে তেজৰ লোহিত ৰক্তকণিকাৰ উৎপাদন কমি যোৱা এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ উপৰি এনে ৰোগীৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰোৱাৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ শ্ল’গান হ’ল – ‘জীৱনক শক্তি প্ৰদানৰ বাবে আগুৱাই যোৱাৰ ক্ষেত্ৰত সকলোৰে কাৰণে সূচল আৰু সমভাৱে থেলাছেমিয়াৰ চিকিৎসা’। এই ৰোগ নিৰ্মূল কৰাটো সম্ভৱ নহয় যদিও উপযুক্ত চিকিৎসাৰ দ্বাৰা ৰোগীয়ে সূচলভাৱে জীৱন যাপন কৰি থাকিব পাৰে। এনে ৰোগীৰ ক্ষেত্ৰত ভাগৰ লগা, দৈহিক বিকাশত বাধা, পেট ফুলি যোৱা, প্ৰস্ৰাৱৰ বিসঙ্গতি আদি দেখা যায়। বংশগতভাৱে ৰোগীৰ দেহত ধৰা দিয়া এই বিসঙ্গতিৰ লক্ষণ পোৱা মাত্রেই চিকিৎকৰ দ্বাৰা নিৰীক্ষণ কৰি পৰামৰ্শ ল’লে এগৰাকী ৰোগী দীৰ্ঘদিন ধৰি সুস্থ লোকৰ দৰে জীৱন অতিবাহিত কৰিব পাৰে । বিশ্ব থেলাছেমিয়া দিৱস উপলক্ষে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এটা বাৰ্তাত পৰ্যাপ্ত পৰিমাণে ৰক্তদান কৰি আৰু সজাগতা সৃষ্টিৰ জৰিয়তে সমাজখনক থেলাছেমিয়াৰ প্ৰাদুৰ্ভাৱৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনায়।
Assamese | May 8, 2024 8:02 PM | thalassemia day 2024
আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন