তেজপুৰৰ ঐতিহাসিক তৰুণ অসম সংঘৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯৩০ চনত লক্ষীধৰ শৰ্মাৰ নেতৃত্বত জাতীয় চেতনাবোধেৰে উদ্বুদ্ধ ছাত্ৰ-ছাত্ৰীসকলক লৈ গঠন হোৱা অনুষ্ঠানটোৰ আজি প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংঘৰ প্ৰেক্ষাগৃহত এখন গাম্ভীর্যপূর্ণ সভা অনুষ্ঠিত হয়। সভাত তৰুণ অসম সংঘৰ জ্যেষ্ঠ সদস্য প্ৰণৱ কুমাৰ মজুমদাৰক এখনি ফুলাম গামোচা, অংগ বস্ত্র, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান জনোৱা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংঘৰ ৯৫ বছৰীয়া ইতিহাস সম্বলিত এখন গ্ৰন্থ উন্মোচন কৰা হয়। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই তৰুণ অসম সংঘই সাংস্কৃতিক, ক্ৰীড়া আৰু নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে।
Assamese | May 23, 2024 6:45 PM | tezpur tarun asom sangha
তেজপুৰৰ তৰুণ অসম সংঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন