TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হ’ব। TET নিযুক্তি পৰীক্ষাত আন প্ৰশ্নৰ লগতে গণিতৰ প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হ’ব বুলি নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাৰ পাছতে প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইদৰে প্ৰকাশ কৰে । উল্লেখযোগ্য যে পৰীক্ষাৰ কেইদিনমান পূৰ্বে নতুন পাঠ্যক্ৰম প্ৰকাশ কৰাক লৈ ক্ষুণ্ণ হৈ পৰা একাংশ প্ৰাৰ্থীৰ আবেদনমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট নিযুক্তি পৰীক্ষা ১৫ দিন পিছুৱাই দিবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি এই পৰীক্ষা ২৯ ডিচেম্বৰৰ পৰিৱৰ্তে ১৯ জানুৱাৰীত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
Assamese | December 26, 2024 12:37 PM | Tet exam
TET নিযুক্তি পৰীক্ষাত দশম শ্ৰেণী পৰ্যায়ৰ ১৫ নম্বৰৰ গণিতৰ প্ৰশ্ন অন্তৰ্ভুক্ত