ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। সূর্য কুমাৰ যাদৱক দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। শাৰিৰীক অসুস্থতা আৰু ফর্ম নথকাৰ বাবে শুভমন গীলক উপ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দলৰ পৰাও বাদ দিয়া হৈছে। অক্ষৰ পেটেলক পুনৰ উপ-অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। দলত সঞ্জু ছেমচন আৰু অভিষেক শৰ্মাক অপেনাৰ হিচাপে দলত স্থান দিয়া হৈছে। উইকেট কীপাৰ বেটছমেন ঈষাণ কিষাণক দ্বিতীয় উইকেট কীপাৰ হিচাপে দলত অন্তর্ভুক্ত কৰা হৈছে। ভাৰতীয় দলটোৰ সদস্যসকলৰ ভিতৰত সূৰ্য কুমাৰ যাদব, অভিষেক শৰ্মা, সঞ্জু ছেমচন, তিলক বার্মা, হার্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৰিংকু সিং, যশপ্রীত বুমৰা, হৰ্ষিত ৰাণা, অর্থদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, বাশ্বিংটন সুন্দৰ আৰু ঈষাণ কিষাণ আছে। আই চি চি টি-২০ বিশ্বকাপ অহা বছৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব।
Assamese | December 20, 2025 7:04 PM | t-20
আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা