আজি শিক্ষক দিৱস। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমাজৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অমূল্য অৱদান আছে।
শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হ’ব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ’ব।
দিনৰ ১১ বজাৰ পৰা হ’বলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি আৰু হস্ততাঁত, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে জিলা পৰ্যায়ত বাছনি লাভ কৰা কামৰূপ মহানগৰ জিলাৰ ১৭ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হ’ব।
অনুষ্ঠানত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ব শাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়, সহযোগী এন চি চি বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত পেটেণ্ট লাভ কৰা শিক্ষকৰ লগতে আদর্শ বিদ্যালয় সংগঠন অসমৰ অধীনত শ্রেষ্ঠ আদৰ্শ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হ’ব।