June 20, 2024 12:06 PM | tamilnadu death 15

printer

তামিলনাডুৰ কল্লাকুৰুচিত বিষাক্ত সুৰা পানৰ ফলত ১৫জন লোকৰ মৃত্যু

তামিলনাডুৰ কল্লাকুৰুচিত তথাকথিতভাৱে বিষাক্ত সুৰা পান কৰাৰ ফলত ১৫জন লোকে প্রাণ হেৰুৱাইছে আৰু অন্য ১৫জনৰো অধিক লোক অসুস্থ হৈ পৰিছে। অসুস্থ লোককেইজনক কল্লাকুৰুচি আৰু ছলেম চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জিলাধিপতি শ্ৰৱণ কুমাৰ জাটৱথে কৈছে যে এতিয়ালৈকে মৃত্যুৰ কাৰণ নিশ্চিত কৰিব পৰা হোৱা নাই। তেওঁ কয় যে অধিকাংশ লোক মূৰ ঘূৰোৱা, পেটৰ বিষ আৰু চকু জ্বলা-পোৰা কৰাৰ সমস্যাত ভূগিছে। ১০জনৰো অধিক লোকক উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে বুলি জিলাধিপতিগৰাকীয়ে প্রকাশ কৰিছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্রী এম সুব্রমন্যম অসুস্থ লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে চিকিৎসালয়ত উপস্থিত হৈছে। ইতিমধ্যে এই ঘটনাৰ এটা তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।