January 15, 2025 7:50 PM

views 30

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আয়ৰলেণ্ডক ৩০৪ ৰাণত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্রিকেট দলৰ শৃংখলা দখল

ভাৰতীয় মহিলা ক্রিকেট দলে আজি গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আয়ৰলেণ্ডক ৩০৪ ৰাণত পৰাস্ত কৰি ৩-০ৰ ফলাফলেৰে শৃংখলা দখল কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৪৩৫ ৰাণ কৰি ইতিহাস ৰচনা কৰে। এয়া এদিনীয়া ক্ৰিকেটত ভাৰতীয় মহিলা দলৰ সৰ্বাধিক আৰু মহিলা ক্রিকেটৰ ইতিহাসত চতুর্থ সর্বাধিক। খেলখনত ভাতৰত হৈ অ'পেনাৰ স্মৃতি মান্ধানাই ৮০টা বলত ১৩৫ ৰাণ আৰু প্ৰতীকা ৰাৱালে ১২৯টা বলত ১৫৪ ৰাণ কৰে। মান্ধানা আৰু প্ৰতীকাৰ অ'পেনিং ...

December 22, 2024 8:33 PM

views 43

মহিলাৰ তিনিখনীয়া এদিনীয়া আই চি চি ক্ৰিকেট প্ৰতিযোগিতাৰ  প্ৰথমখন খেলত ভাৰতে ৱেষ্ট ইণ্ডিঞ্জক জয়ৰ বাবে ৩১৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

বডোডৰাত অনুষ্ঠিত মহিলাৰ তিনিখনীয়া এদিনীয়া আই চি চি ক্ৰিকেট প্ৰতিযোগিতাৰ আজি প্ৰথমখন খেলত ভাৰতে ৱেষ্ট ইণ্ডিঞ্জক জয়ৰ বাবে ৩১৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ৩১৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৯১ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে এই বাতৰি যুগুটোৱাৰ পৰলৈকে ১৮ অভাৰত ৭ টা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ কৰি খেলি আছিল।