February 4, 2025 12:53 PM

views 50

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৬ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৩ দশমিক ৪ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ লগতে ঠাই বিশেষে কম-বেছি পৰিমাণে কুঁৱলী পৰ...

December 9, 2024 2:10 PM

views 80

অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। অহা ২৪ ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ঘন কুঁৱলী পৰাৰো সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ ওখ পাহাৰীয়া ঠাইসমূহত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে।আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বনিম্ন তাপমাত্রা ১৬.৫ ডিগ্রী ছেলছিয়াছ হ'ব। আনহাতে, আজি সর্বোচ্চ তাপমাত্রা ২৫.৯ ডিগ্রী ছেলছিয়াছ। উজনি অসমৰ উত্তৰ লখিমপুৰ নগৰত কালি উত্তৰ-পূৰ্বাঞ্চ...

September 11, 2024 1:24 PM

views 55

অহা ৬ দিনত অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাইবিশেষে অহা ৬ দিনত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে নগতে ছিকিম, পশ্চিম বংগ আৰু বিহাৰত ১৪ ছেপ্তেম্বৰ পৰ্যন্ত প্ৰৱল বৰষুণ হ'ব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰিছে।

May 25, 2024 8:00 PM

views 79

কাইলৈৰ পৰা অহা ২৯ মে’লৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কাইলৈৰ পৰা অহা ২৯ মে’লৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কাইলৈ অসমৰ লগতে মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাটাও স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম আৰু ত্ৰিপুৰাৰ কোনো কোনো স্থানত গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা আছে। অহা ২৭ মে'ৰ পৰা ২৯ মেলৈ অসমৰ লগতে নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ভালেকেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যৰ ব...

May 23, 2024 8:26 PM

views 58

ৰাজ্যৰ বিভিন্ন ঠাইত অহা ২৪ ঘণ্টাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ-বজ্ৰপাতৰ সম্ভাৱনা

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে ২৬ মে’ দেওবাৰে ৰাজ্যখনৰ দুই-এঠাইত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে সোমবাৰেও ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।