ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। অহা ২৪ ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ঘন কুঁৱলী পৰাৰো সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ ওখ পাহাৰীয়া ঠাইসমূহত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে।আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বনিম্ন তাপমাত্রা ১৬.৫ ডিগ্রী ছেলছিয়াছ হ’ব। আনহাতে, আজি সর্বোচ্চ তাপমাত্রা ২৫.৯ ডিগ্রী ছেলছিয়াছ। উজনি অসমৰ উত্তৰ লখিমপুৰ নগৰত কালি উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বনিম্ন তাপমাত্রা ৮.৮ ডিগ্রী ছেলছিয়াছ ৰেকৰ্ড কৰা হয়।
Assamese | December 9, 2024 2:10 PM | assam weather alert | IMD Alert | weather guwahati
অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ