October 10, 2024 8:27 PM
68
২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ বাবে ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন কৰিছে। এই ১৮ খন ৰাষ্ট্ৰৰ ভিতৰত আছে- বেনিন, বলিভিয়া, কলম্বিয়া, ছাইপ্ৰাছ, কাটাৰ আৰু থাইলেণ্ড আদি ৷ গোপন বেলটৰ জৰিয়তে এই সদস্য ৰাষ্ট্ৰকেইখন নিৰ্বাচিত কৰা হয়। অহা বছৰ পহিলা জানুৱাৰীৰ পৰা সদস্য ৰাষ্ট্ৰকেইখনৰ তিনি বছৰীয়া কাৰ্যকাল আৰম্ভ হ'ব। উল্লেখযোগ্য যে ৪৭ খনীয়া সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰায় এক তৃতীয়াংশ প্ৰতিবছৰে সলনি কৰা হয়৷