August 11, 2025 12:28 PM

views 52

পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ তিৰংগা যাত্ৰা কাৰ্যসূচী

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানী আৰু লাংপি শিশু বিদ্যা নিকেতনৰ সহযোগত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাৰ্বত্য জিলাখনৰ লেঙেৰীত অনুষ্ঠিত এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত তিৰংগা যাত্ৰাৰ উপৰি প্ৰতিটো ঘৰতে জাতীয় পতাকা উৰুৱাই স্বাধীনতাৰ গৌৰৱ অনুভৱ কৰিবৰ বাবে ১২৮ নম্বৰ বেটেলিয়নৰ সহকাৰী সেনাধ্যক্ষ এল শ্বেৰত’ৱে আহ্বান জনাইছে।

May 26, 2025 8:47 PM

views 40

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ

ভাৰতীয় সেনাৰ অদম্য সাহস আৰু পৰাক্ৰমৰ প্ৰতি সন্মান জনাই ডিব্ৰুগড়ত আজি তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সচেতন মহিলা মঞ্চ ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত এই কাৰ্যসূচীত অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাক শ্রদ্ধা জনোৱা হয়। অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, পর্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্রসহ বহুকেইগৰাকী লোক উপস্থিত থাকে।

May 25, 2025 7:35 PM

views 61

ৰাজ্যৰ বিভিন্ন ঠাইত প্রধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছত বিজেপি দলীয় নেতা-কৰ্মীসকলৰ তিৰংগা যাত্ৰা

প্রধানমন্ত্ৰীৰ মন কী বাত উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত বুথ স্থাপন কৰি জনসাধাৰণৰ বাবে অনুষ্ঠানটো শুনাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটী মহানগৰীৰ বুথসমূহতো বহু লোকে একেলগে অনুষ্ঠান শুনে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ বিমানকোঠ মণ্ডলৰ ১৩৯ নম্বৰ বুথত দলীয় নেতৃবৃন্দৰ সৈতে অনুষ্ঠানত ভাগ লয়। কেন্দ্রীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে মহানগৰীৰ শুক্লেশ্বৰ মণ্ডলৰ অন্তৰ্গত ২৯ নম্বৰ ৱাৰ্ডৰ ১৮৩ নম্বৰ বুথত অনুষ্ঠান শুনে। মন কী বাত অনুষ্ঠানৰ পাছতে পাকিস্তান...

May 22, 2025 6:39 PM

views 43

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত আছে। মৰিগাঁৱৰ জাগীৰোডত উলিওৱা ত্ৰিৰংগ যাত্ৰাত আজি বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। সেনাবাহিনীৰ পৰাক্ৰম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্ণায়ক নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ অংশ হিচাপে উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত মন্ত্রী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি বিজেপিৰ মৰিগাঁও জিলাৰ সভাপতি তথা দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই দেশমাতৃৰ সুৰক্ষা আৰু সেৱাৰ এই যাত্ৰাত ৰাষ্ট্ৰীয় পতাকাখনে প্ৰতিগৰাকী ভাৰতীয়ক সদায় একতাৰ দোলেৰে বা...

May 16, 2025 8:44 PM

views 21

অপাৰেচন সিন্দুৰৰ সফলতা উপলক্ষে বিজেপিৰ ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচীৰ আয়োজন

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপন কৰি বিজেপিয়ে আয়োজন কৰা ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙৰ নেতৃত্বত জিলা সদৰ হামৰেন ছয়আলিৰ পৰা নতুন বজাৰলৈ ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। কাৰ্বি পৰিষদৰ কার্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰোৰ নেতৃত্বত ভকচঙত বিশাল ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় জিলাত আজি প্রবল বৰষুণকো নেওচি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত সহস্রাধিক লোকে ত্ৰিৰংগ যাত্ৰাত ভাগ লয়। চৌকিদিঙি খেলপথাৰৰ পৰা...

May 13, 2025 12:27 PM

views 52

আজিৰেপৰা দেশজুৰি ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন

অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰেপৰা দেশজুৰি ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। মোডী চৰকাৰৰ দৃঢ় নেতৃত্ব আৰু সশস্ত্র বাহিনীৰ বীৰত্বৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। চলিত মাহৰ ২৩ তাৰিখলৈ হ 'বলগীয়া এই অভিযানত সমাজৰ বিশিষ্ট ব্যক্তি প্রাক্তন সেনা আৰু সমাজকৰ্মীসকলেও ভাগ ল'ব। দলীয় সূত্ৰই জনোৱা মতে,এই অভিযান ৰাজনৈতিক নহৈ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰা এটা বিষয়ৰ প্ৰতি মানুহক সজাগ কৰাৰ এটা প্ৰচেষ্টা।