April 16, 2025 1:43 PM

views 18

উচ্চতম ন্যায়ালয়ত ৱাকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক লৈ শুনানি গ্রহণ

উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰিব। সর্বোচ্চ ন্যায়ালয়ৰ ৱেৱছাইটত প্ৰকাশ কৰা তালিকা অনুসৰি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে এই আবেদনসমূহৰ শুনানি গ্রহণ কৰাৰ কথা। উল্লেখযোগ্য যে অসমৰ উপৰি ৰাজস্থান, ছত্তিশগড়, উত্তৰাখণ্ড, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ পৰা এই বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন দাখিল কৰা হৈছে। অসমৰ ...

April 15, 2025 8:07 PM

views 25

দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি

উচ্চতম ন্যায়ালয়ে দেশত শিশু সৰবৰাহৰ সৈতে জড়িত অপৰাধ ৰোধ কৰা আৰু এনে অপৰাধৰ বিচাৰ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এলানি কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। উত্তৰ প্ৰদেশৰ শিশু সৰবৰাহ গোচৰৰ অভিযুক্তই দাখিল কৰা অগ্রিম জামিন আবেদনৰ শুনানী গ্রহণ কৰি ন্যায়ালয়ে আজি এই নীতি- নিৰ্দেশনা জাৰি কৰে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু আৰ মহাদেৱনৰ এখন বিচাৰপীঠে লগতে ছমাহৰ ভিতৰত শিশু সৰবৰাহ গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰাৰ বাবে নিম্ন আদালতসমূহলৈ নীতি-নিৰ্দেশনা জাৰি কৰিবলৈ উচ্চ ন্যায়ালয়সমূহক নির্দেশ দিয়ে। সর্বোচ্চ ন্যায়ালয়ে...

April 13, 2025 11:19 AM

views 23

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মহাদেৱনৰ এখন বিচাৰপীঠে কালি এটা ৰায় যোগে এই বুলি স্পষ্ট কৰি দিয়ে যে, সিদ্ধান্ত লোৱাত পলম হ'লে তাৰ বৈধ কাৰণ উল্লেখ কৰাৰ লগতে সংশ্লিষ্ট ৰাজ্যক সেই বিষয়ে অৱগত কৰা উচিত। বিচাৰপীঠখনে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ১০ খন বিবেচনাধীন বিধেয়ক অনুমোদন নজনোৱাৰ বাবে লোৱা সিদ্ধান্ত খাৰিজ কৰে আৰু ৰাষ্ট্ৰপতিয়েও ৰা...

October 16, 2024 6:12 PM

views 50

খেতি পথাৰৰ নৰা জ্বলোৱাৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ সমালোচনা

উচ্চতম ন্যায়ালয়ে খেতি পথাৰৰ নৰা জ্বলাই দিয়াৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধ কৰাৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱৰ চৰকাৰক সমালোচনা কৰিছে। ন্যায়াধীশ অভয় এছ অকাৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশ অমান্য কৰা লোকসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণত অপৰাগতা প্ৰদৰ্শন কৰা কৰা হাৰিয়ানাৰ চৰকাৰী বিষয়াসকলৰ সৈতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বায়ু মান ব্যৱস্থাপনা আয়োগ, CAQM-ক নির্দেশ দিছে। আয়োগৰ নিৰ্দেশাৱলী পালন নকৰা বিষয়টোৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে নির্দেশ ...