December 8, 2025 12:13 PM

views 69

সাগৰবন্ধু অভিযানৰ অধীনত শ্রীলংকালৈ ভাৰতৰ ৩০০ মেট্রিক টন সাহায্য সামগ্রী প্ৰেৰণ

ভাৰতে সাগৰবন্ধু অভিযানৰ অধীনত শ্রীলংকালৈ ৩০০ মেট্রিক টন সাহায্য সামগ্রী প্ৰেৰণ কৰিছে। তামিলনাড়ু চৰকাৰে প্ৰেৰণ কৰা এহেজাৰ টন সামগ্ৰীৰ অংশ হিচাপে এই সাহায্য সামগ্ৰীখিনি প্ৰেৰণ কৰা হৈছে। আজি পুৱা আৰু ৭০০ টন সামগ্ৰীৰে আন এখন জাহাজ টিংকুমালেত উপস্থিত হৈছে। এই সাহায্য সামগ্ৰীসমূহৰ ভিতৰত দাইল আৰু চেনিকে ধৰি যাৱতীয় খাদ্য সামগ্রী আছে। ভাৰতৰ উচ্চাযুক্ত সন্তোষ ঝায়েই শ্রীলংকাৰ বাণিজ্য আৰু খাদ্য সুৰক্ষা মন্ত্রী বসন্তা চমাৰাসিংঘেক সাহায্য সামগ্রীখিনি প্রদান কৰে। দ্বীপ ৰাষ্ট্ৰখনত শেহতীয়াকৈ ডিৱাহ ঘূর্ণীবতাহৰ ফ...

December 3, 2025 3:49 PM

views 55

শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি

■ শ্ৰীলংকাত ডিটৱাহ নামৰ ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৪ লৈ বৃদ্ধি পাইছে। ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত কেন্দি জিলাত সর্বাধিক ১১৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত দেশখনলৈ মানৱীয় সাহায্য আগবঢ়াইছে আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্তাৰ, জাহাজৰ উপৰি অন্য আহিলাপাতি নিয়োগ কৰিছে। আই এন এছ সুকন্যা নামৰ জাহাজৰ জৰিয়তে ত্ৰিংকোমালিলৈ যোগান ধৰা সামগ্ৰীসমূহ শ্ৰীলংকাৰ বায়ুসেনা বাহিনীৰ বিমানেৰে দেশখনৰ পূব প্ৰান্তৰ দূৰণিবতীয়া এলেকাসমূহলৈ লৈ যোৱা হৈছে। ইয়াৰ উপৰি ভাৰতীয় উদ...

May 22, 2025 8:24 PM

views 60

নাগাপট্টিনামৰ পৰা ৪ জন মাছমৰীয়াক আক্ৰমণ শ্ৰীলংকাৰ নৌ বাহিনীৰ

শ্ৰীলংকাৰ নৌ বাহিনীয়ে আজি নাগাপট্টিনামৰ পৰা ৪ জন মাছমৰীয়াক আক্ৰমণ কৰে। আক্ৰমণৰ বলি হোৱা মাছমৰীয়া কেইজনে প্ৰকাশ কৰা মতে কোড়িয়াকাড়াইৰ সমীপত মাছমাৰি থকা অৱস্থাত দেশখনৰ নৌ সেনাবাহিনীৰ লোকে তেওঁলোকৰ ডিজেলৰ গেলন, জিপিএছৰ সা-সৰঞ্জাম আজি কাঢ়ি লোৱাৰ লগতে মাছমৰা জালসমূহো নষ্ট কৰে। ইয়াৰ পাছত তেওঁলোকক ডিজেল অবিহনে সাগৰত এৰি দিয়া হয় যদিও সাগৰত থকা আন নাৱৰ মাছমৰীয়াৰ সহায়ত তেওঁলোক পাৰলৈ ঘূৰি আহিবলৈ সমৰ্থ হয়। ঘটনা সন্দৰ্ভত এই মাছমৰীয়া কেইজনে মীন বিভাগ, উপকূলীয় সামুদ্রিক গোট আৰু আৰক্ষীৰ ওচৰত এটা গ...

February 8, 2025 12:41 PM

views 75

শ্ৰীলংকাত দুদিনীয়াকৈ BIMSTEC ডিজিটেল সন্মিলন অনুষ্ঠিত

শ্ৰীলংকাৰ কলম্বোত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিৰ্মাণ বিষয়বস্তুৰে দুদিনীয়াকৈ BIMSTEC ডিজিটেল সন্মিলন অনুষ্ঠিত হৈছে। শ্রীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা, BIMSTEC-ৰ সাধাৰণ সচিব ইন্দ্ৰ মনি পাণ্ডে, দেশখনৰ উপ-মন্ত্রী এৰাংগা ৱুইৰা ৰত্নে আৰু চাতুৰাংগা আবেছিংঘেৰ উপস্থিতিত এই সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনত ডিজিটেল অর্থনীতি খণ্ডৰ নেতা আৰু বিশেষজ্ঞসকলক লৈ আলোচনা অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ দি ভাৰতৰ উচ্চায়ুক্ত শ্ৰীঝায়ে বিগত দশকত জন-ধন-আধাৰ-মোবাইল অর্থাৎ জেম ত্রিনীটি ব্যৱস্থাৰ জৰিয়তে ডিজিটেল আ...

January 30, 2025 4:48 PM

views 60

মানসম্পন্ন ঔষধৰ অবিৰত যোগান নিশ্চিত আৰু অব্যাহত ৰখাৰ বাবে শ্ৰীলংকাৰ চৰকাৰ দায়বদ্ধঃ শ্ৰীলংকাৰ স্বাস্থ্যমন্ত্ৰী ড০ নলিন্দা জয়াতীচ্ছা

শ্ৰীলংকাৰ স্বাস্থ্য আৰু সংবাদ মাধ্যম দপ্তৰৰ মন্ত্ৰী ড০ নলিন্দা জয়াতীচ্ছাই কঠোৰ নীতি নিৰ্দেশনাৰ মাজেৰে মানসম্পন্ন ঔষধৰ অবিৰত যোগান নিশ্চিত আৰু অব্যাহত ৰখাৰ বাবে দেশখনৰ চৰকাৰ দায়বদ্ধ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় ঔষধ নিয়ামক প্ৰাধিকৰণৰ এটা অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণ আইন, ২০১৫ সম্পূৰ্ণৰূপে বলবৎ কৰাৰ বিষয়ে ঘোষণা কৰে। ইয়াৰ ফলত ঔষধৰ মূল্য নির্ধাৰণ, গুণগত মান নিয়ন্ত্ৰণ, আৰু বাণিজ্যৰ নীতিগত দিশসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাটো বাধ্যতামূলক হ’ব। উল্ল...

December 18, 2024 2:14 PM

views 63

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে৷ দ্বীপ ৰাষ্ট্ৰ খনৰ লোকপিয়ল আৰু পৰিসংখ্যা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি স্থিৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন বিগত বছৰৰ তৃতীয় ত্রৈমাসিকৰ ২.৯৮৭ ট্রিলিয়ন শ্ৰীলংকাৰ টকাৰ পৰা বৃদ্ধি পাই প্রায় ৩.১৫২ ট্রিলিয়ন শ্ৰীলংকাৰ টকা হৈছেগৈ। এই বৃদ্ধিৰ মূলতে আছে কৃষিক্ষেত্ৰত ৩%, ঔদ্যোগিক কাৰ্য্যকলাপত ১০.৮%, আৰু সেৱাখণ্ডত ২.৬% বিকাশ। ইফালে, বিগত বছৰৰ ডিচেম্বৰত মুঠ ঘৰুৱা উৎপাদনত ঋণৰ পৰিমাণ ১০৫.৪৯% ৰ পৰা চলিত বছৰৰ ছেপ্টেম্বৰ মাহত ১০১.৮% লৈ হ্ৰাস পাইছে৷ ...

November 17, 2024 7:01 PM

views 62

শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ

শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠিত হ'ব। স্থানীয় সংবাদ মাধ্যমৰ পৰা প্ৰকাশ পোৱা বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে প্ৰতিৰক্ষা আৰু বিত্ত বিভাগ নিজৰ হাতত ৰাখি ২৩ জনীয়া সদস্যৰে নতুন মন্ত্রীসভা নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ড০ হৰিণী অমৰাসূৰ্য্যাক পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব অর্পণ আৰু বিজিথা হেৰাথক বিদেশ মন্ত্ৰীৰ দায়িত্ব ন্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

November 14, 2024 9:33 AM

views 52

শ্রীলংকাই নতুন সংসদ নির্বাচনৰ বাবে আজি ভোটদান কৰিব

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কেৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত আজি শ্রীলংকাই নতুন সংসদ নির্বাচনৰ বাবে ভোটদান কৰিব। ১ কোটি ১৭ লাখৰো অধিক ভোটাৰে ২২৫ জনীয়া সংসদীয় আসনৰ বাবে ৮ হাজাৰ ৮০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। শ্ৰী দিশানায়কেৰ সংস্কাৰ কাৰ্যসূচীক আগুৱাই নিবলৈ সংসদত সংখ্যাগৰিষ্ঠতা লাভৰ লক্ষ্য লোৱা বাবে এই নির্বাচনক লীটমাচ টেষ্ট হিচাপে দেখা গৈছে। শাসকীয় দলটোৱে ছাজিথ প্রেমাদাশাৰ নেতৃত্বত গঠিত ছামাগী জন বালাৱেগয়া আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাণিল উইক্রেমসিংহৰ সৈতে মিত্ৰতা কৰা ন...

July 11, 2024 8:00 PM

views 61

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু আজি তেওঁলোকক কাংকেচণ্টুৰই বন্দৰলৈ নিয়া হৈছে। গ্ৰেপ্তাৰ কৰাৰ সময়ত পুড়ুকোট্টইৰ এই মাছমৰীয়াকেইজনে কচ্চাটিৰ ওচৰত মাছ ধৰি আছিল। উল্লেখযোগ্য যে পহিলা জুলাইত শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে ২৫ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছিল।

June 29, 2024 12:34 PM

views 70

অনলাইন বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শ্রীলংকাত ১৩৭ জন ভাৰতীয় নাগৰিক গ্ৰেপ্তাৰ

শ্রীলংকাত অনলাইন বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ১৩৭ জন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছে৷ শ্ৰীলংকাৰ বাতৰি কাকত ডেইলী মিৰ'ৰৰ মতে, বৃহস্পতিবাৰে কলম্বোৰ উপকণ্ঠ অঞ্চল মাডিৱেলা, বাট্টাৰামুল্লা আৰু পশ্চিম উপকূলীয় চহৰ নেগোম্বোৰ পৰা ভাৰতীয় নাগৰিকসকলক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ মুখপাত্ৰ এছ এছ পি নিহাল থালডুৱাই জনোৱা মতে, অপৰাধ অনুসন্ধান বিভাগে একেলগে অভিযান চলাই ১৫৮টা মোবাইল ফোন, ১৬টা লেপটপ, আৰু ৬০টা ডেস্কটপ কম্পিউটাৰ জব্দ কৰে। সামাজিক মাধ্যমত প্ৰচাৰৰ বিনিময়ত নগদ ধনৰ প্রলোভন লাভ কৰা এগ...