December 13, 2024 7:48 PM

views 71

গুৱাহাটীত আন্তঃমিডিয়া ক্রীড়া মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত ক্রিকেট খেলত সদৌ অসম সাংবাদিক সন্থাই টপছেমৰ বিৰুদ্ধে ৩৪ ৰানত জয়লাভ

অসম ক্রীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা আন্তঃ মিডিয়া ক্রীড়া মহোৎসৱৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত এখন প্রীতি ক্রিকেট খেলত সদৌ অসম সাংবাদিক সন্থাই টপছেমৰ বিৰুদ্ধে ৩৪ ৰানত জয়লাভ কৰে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ১০ অভাৰৰ খেলখনত টছত জয়লাভ কৰি সাংবাদিক সন্থাৰ দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু প্ৰতিপক্ষক জয়ৰ বাবে ১১৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত টপছেমে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ৮৪ ৰান কৰে।

April 24, 2024 8:18 PM

views 57

গুৱাহাটীৰ ৪গৰাকী দবা খেলুৱৈৰ ফীডে ৰেটিং লাভ

গুৱাহাটীৰ চাৰিগৰাকী দবা খেলুৱৈ ফীডে ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী দবা একাডেমীৰ খেলুৱৈ ভৌমিক কিশোৰ দাস, হৃয়ান কৌশিক ঠাকুৰীয়া, তমন্না শৰ্মা আৰু তানিস্ক ঠাকুৰীয়াক ফীডে ৰেটিং প্ৰদান কৰা হৈছে। বিশ্ব দবা মহাসংঘই প্ৰকাশ কৰা এপ্রিল, ২০২৪ৰ ফীডে ৰেটিং তালিকা অনুসৰি ভৌমিক কিশোৰ দাসে এহেজাৰ ৫৫০ ৰেটিং লাভ কৰাৰ বিপৰীতে হৃয়ান কৌশিক ঠাকুৰীয়াই এহেজাৰ ৪৭২ ৰেটিং লাভ কৰে। তমন্না শৰ্মা আৰু তানিস্ক ঠাকুৰীয়াই ক্ৰমে এহেজাৰ ৪৬১ আৰু এহেজাৰ ৪৪৯ ৰেটিং লাভ কৰিবলৈ সক্ষম হয়।