April 13, 2025 6:36 PM

views 44

দুধনৈত ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদৰ শপত গ্ৰহণ

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদে আজি দুধনৈত শপত গ্ৰহণ কৰে। দুধনৈৰ উদয়পুৰস্থিত সচিবালয়ৰ চৌহদত আজি বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভা বীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নৱ নিৰ্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰোৱা...

April 12, 2025 12:48 PM

views 48

কাইলৈ ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদসকলৰ শপতগ্ৰহণ

ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদসকলে কাইলৈ শপতগ্ৰহণ কৰিব। দুধনৈৰ ৰাভা-হাচং স্বায়ত্ব পৰিষদৰ কাৰ্যালয়ত শপত গ্রহণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক এই কাৰ্যসূচীত অংশ লোৱাৰ কথা।

April 3, 2025 1:16 PM

views 46

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ভোটগ্রহণ হোৱা বেলট বাকচসমূহ বর্তমান জিলা আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাত ৬৭.৫-৫ শতাংশ আৰু গোৱালপাৰা জিলাত ৬৯.০-৮ শতাংশ ভোটদান হয়। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ দৰিদুৰি সমষ্টিত সর্বাধিক...

March 28, 2025 6:16 PM

views 45

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোৱালপাৰা জিলাৰ পূব অজগৰ সমষ্টিৰ ৰংচাইত বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রাম সমিতিৰ প্ৰাৰ্থী ভুলাইবালা ৰাভাৰ হৈ প্ৰচাৰ...

March 28, 2025 1:06 PM

views 56

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে কালিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীব্ৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্রী অশোক সিংহালে গোৱালপাৰা জিলাত প্ৰচা...

March 26, 2025 12:33 PM

views 59

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তীব্ৰতৰ প্ৰচাৰ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰত অংশ লৈছে। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ ১৪টা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে কালি প্ৰচাৰ চলায়৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত গোৱালপাৰা জিলাত ২০টা পৰিষদীয় সমষ্টি আছে।

March 25, 2025 6:48 PM

views 49

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীব্ৰ কৰি তুলিছে। ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ...

March 24, 2025 8:06 PM

views 58

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে আজিও দলীয় প্রার্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে পৰিষদৰ অন্তৰ্গত দুখন জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩টা সমষ্টিত প্ৰচাৰ তীব্ৰ কৰি তুলিছে। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ ১৪টা সমষ্টিৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক তথা ৰাভা-হাছং স্বায়ত...

March 22, 2025 7:18 PM

views 59

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি কামৰূপ জিলাৰ বামুনীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কার্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। সাংসদগৰাকীয়ে বকো পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুমিত ৰাভাৰ সৈতেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো ১৯টা পৰিষদীয় সমষ্টিত প্রার্থীসকলে ভোটদাতাসকলক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণেৰে প্ৰচাৰ অভিযান চলায়। দক্ষিণ দু...

March 22, 2025 12:05 PM

views 52

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত চলি আছে। গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে নিজ নিজ সমষ্টিত ভোটদাতাসকলক আকৰ্ষিত কৰিব বাবে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। দক্ষিণ দূধনৈৰ বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রম সমিতিৰ প্ৰাৰ্থী তথা ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সমানে সমানে কংগ্ৰেছ প্রার্থী সঞ্জীৱ কুমাৰ ৰাভা আৰু ভোটাৰ্ছ পাৰ্টী অব ইণ্ডিয়া দলৰ প্ৰাৰ্থী পুনম হাজোৱাৰীয়ে কালি ...