February 9, 2025 8:04 PM

views 86

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লব

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ গংগা-যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্রিবেণী সংগমত স্নান কৰিব। ইয়াৰ উপৰি তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ত মন্দিৰ আৰু বড়ে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ডিজিটেল মহাকুম্ভ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্র মহাকুম্ভৰ দৃশ্যও পৰিদৰ্শন কৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্রহণ কৰিব।

October 17, 2024 5:48 PM

views 47

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত হৈছে। দেশখন ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুক আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকী মলাৱিৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। আফ্ৰিকাৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণেই হ'ল তেওঁৰ এই যাত্ৰাৰ মূল উদ্দেশ্য। ইয়াৰ পূৰ্বে নিজৰ ভ্ৰমণৰ ...