January 28, 2025 5:25 PM

views 57

ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰে। ওড়িশা চৰকাৰৰ উদ্যোগত উৎকর্ষ ওড়িশা শীর্ষক এই গোলকীয় বিনিয়োগ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ জৰিয়তে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। ওড়িশাই এই দুদিনীয়া সন্মিলনৰ মাধ্যমেৰে ৫ লাখ কোটি টকালৈ বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনত তিনি লাখ ৫০ হাজাৰলৈ কৰ্ম সংস্থাপন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সন্মিলনখনত দেশৰ ভিন্ন ৰাজ্যৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিৰ লগতে ১২ খন দেশৰ প্ৰতিনিধিসহ ...

January 27, 2025 4:21 PM

views 53

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক প্রধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্রী মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱসত মেক্ৰ'ৰ উপস্থিতিৰ কথা মনত পেলাই তেওঁ, বিগত বৰ্ষৰ এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্রহণে দুয়োখন দেশৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা বুলি...

January 27, 2025 12:23 PM

views 34

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত প্রধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত ভাষণ দিব। এইবাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৰেলীৰ মূল বিষয়বস্তু হৈছে- যুৱ শক্তি, বিকশিত ভাৰত। এই ৰেলীৰ সাংস্কৃতিক অনুষ্ঠানত ৮০০ গৰাকী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিব। এই ৰে'লীত ১৮ খন বিদেশী বন্ধু ৰাষ্ট্ৰৰ ১৪৪ গৰাকী শিক্ষাৰ্থীয়ে অংশ ল'ব। ইয়াৰোপৰি সমগ্ৰ দেশৰ মোৰ যুৱ ভাৰত, শিক্ষা মন্ত...

January 22, 2025 8:02 PM

views 44

প্রধানমন্ত্ৰী মোদীয়ে ২৮ জানুৱাৰীত ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশাঃ মেক ইন ওড়িশা কনক্লেভ ২০২৫ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ জানুৱাৰীত ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশাঃ মেক ইন ওড়িশা কনক্লেভ ২০২৫ উদ্বোধন কৰিব। তেওঁ ভাৰতৰ লগতে প্ৰায় ১২খন দেশৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ সমাবেশত ভাষণ দিব। অহা ২৮ আৰু ২৯ জানুৱাৰীত হ'বলগীয়া এই দুদিনীয়া সন্মিলনখনত অস্ট্রেলিয়া, মালয়েছিয়া, ছিংগাপুৰ, জাপান আৰু আন কেইবাখনো দেশৰ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মূল লক্ষ্য হৈছে বিভিন্ন খণ্ডত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ওড়িশাক পূব ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে স্থা...

January 22, 2025 5:19 PM

views 56

নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলৰ প্ৰচাৰৰ অংশ হিচাপে আজি নমো এপৰ জৰিয়তে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিছে। মেৰা বুথ চবচে মজবুত শ্লোগানেৰে কিছু সময়ৰ পূৰ্বে মত-বিনিময় অনুষ্ঠান আৰম্ভ হয়। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ দলৰ কাৰ্যকৰ্তাসকলে নিৰলসভাৱে আৰু নিষ্ঠাৰে কৰা শ্ৰম আৰু ত্যাগৰ ফলত বিজেপিয়ে দিল্লীত ক্ষমতা দখল কৰিবলৈ সমৰ্থক হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ এই কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি সুখী বুলিও মন্তব্য কৰে। এই মত বিনিময়ৰ কাল...

January 11, 2025 9:19 PM

views 84

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ৩হাজাৰ যুৱ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত তিনি হাজাৰ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন দিব। এই উপলক্ষে শ্রী মোদীয়ে এটা জনসমাৱেশক উদ্দেশি ভাষণো দিব।নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ আজি প্ৰথম দিনা কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে ৰাজনীতিৰ সৈতে জড়িত নথকা এক লাখ যুৱক-যুৱতীক ৰাজনীতিত চ...

January 9, 2025 2:56 PM

views 34

ভূৱনেশ্বৰত অষ্টাদশ প্রবাসী ভাৰতীয় দিৱসৰ অভিৱৰ্তনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত আজি অষ্টাদশ প্রবাসী ভাৰতীয় দিৱসৰ অভিৱৰ্তনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। নিজৰ ভাষণত শ্রীমোদীয়ে প্রবাসী ভাৰতীয়সকলে বিশ্বত ভাৰতৰ ৰাষ্ট্ৰদূতৰূপে সেৱা আগবঢ়াই অহা বুলি প্ৰশংসা কৰে। তেওঁ কয়, যে বিশ্বৰ বিভিন্ন দেশত থকা এই ভাৰতীয়সকলে তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা মৰম আৰু সন্মানক তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় সম্প্রদায়ে বিশ্বজুৰি নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ সফলতাই দেশক গৌৰৱান্বিত কৰে। প্ৰবাসী ভাৰতীয়সকলে বিশ্বজুৰি ...

December 24, 2024 3:46 PM

views 43

কাইলৈ অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী মোদী মধ্য প্ৰদেশলৈ যাব

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মধ্য প্ৰদেশলৈ যাব। তেওঁ ৰাজ্যখনৰ খাজুৰাহোত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই ভ্রমণকালতে প্রধানমন্ত্রীয়ে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰিব। শ্রী মোদীয়ে লগতে এহেজাৰ ১৫৩টা অটল গ্রাম সুশাসন ভৱনৰ আধাৰশিলা স্থাপন কৰিব।

December 14, 2024 2:56 PM

views 52

প্রধানমন্ত্ৰী মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছেঃ ৰিজিজু

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। লোকসভাত চলি থকা সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা বিষয়ক দুদিনীয়া আলোচনাত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। কালিৰে পৰা অনুষ্ঠিত এই আলোচনাত ভাগ লৈ মন্ত্ৰী ৰিজিজুৱে সংবিধান প্রণেতা ড০ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয় যে স্বাধীনতাৰ পাছত দেশত সকলোৱে সমান অধিকাৰ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল দেশত কোনোধৰণৰ বৈষম্যৰ বলি...

December 13, 2024 8:13 PM

views 30

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ’ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাবঃ প্ৰধানমন্ত্ৰী

২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ'ব, যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব আৰু সমগ্ৰ বিশ্বই এই লৈ আলোচনা কৰিব। প্ৰয়াগৰাজৰ সংগমত আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, অহা বছৰৰ ১৩ জানুৱাৰীৰ পৰা চৰকাৰীভাৱে আৰম্ভ হ'বলগীয়া এই মহাকুম্ভ মেলাৰ অহা ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে প্রায় ৫ হাজাৰ ৫০০ কোটি টকা ব্যয়স...