May 24, 2025 7:29 PM

views 62

দেশৰ প্ৰতিখন ৰাজ্যত আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

আন্তৰাষ্ট্ৰীয় মানৰ সৈতে তাল মিলাই দেশৰ প্ৰতিখন ৰাজ্যত সকলো সা-সুবিধা আৰু আন্তঃগাঁথনি সম্পন্ন কমেও এখন পর্যটনথলী বিকশাই তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। নতুন দিল্লীত আজি নীতি আয়োগৰ দশম প্ৰশাসনীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এখন ৰাজ্য- এটা গোলকীয় লক্ষ্যস্থান শীৰ্ষক নীতিয়ে ৰাজ্যখনৰ চুবুৰীয়া মহানগৰসমূহো পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব। ভাৰতবৰ্ষৰ দ্ৰুতগতিত নগৰীকৰণ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহানগৰসমূহত ভৱিষ্যমুখী কৰি তোলাৰ অত্যন্ত ...

May 22, 2025 8:10 PM

views 57

পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰীৰ মন্তব্য

অপাৰেচন সিন্দূৰৰ অধীনত পাকিস্তানী সন্ত্ৰাসবাদীৰ গোপন ঘাটিসমূহ ধ্বংস কৰি ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। তেওঁ কয়, যে সশস্ত্র বাহিনীসমূহক প্রয়োজন অনুসৰি কাম কৰিবলৈ চৰকাৰে তেওঁলোকক সম্পূর্ণ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ সহায়ত বাহিনীসমূহে পাকিস্তানক শীৰ নত কৰিবলৈ বাধ্য কৰোৱাইছে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ সৈতে পাকিস্তানে কেতিয়াও প্রত্যক্ষভাৱে কোনো যুদ্ধত জয়ী হ'ব নোৱাৰে আৰু সেয়েহে দেশখনে সন্ত্রাসবাদক উদগনি দি যুদ্ধ জয়ৰ প্ৰয়াস কৰে। ৰা...

May 21, 2025 12:40 PM

views 67

ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ফ্ৰেডৰিক মাৰ্জক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ চেন্সেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ফ্ৰেডৰিক মাৰ্জক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তেওঁ চেন্সেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতে টেলিফোনেৰে কথা পাতে আৰু নতুন কার্যকালৰ বাবে তেওঁক অভিনন্দন জনায়। এই বাৰ্তালাপৰ সময়ত ভাৰত আৰু জাৰ্মানীৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও দুয়োগৰাকীয়ে পুনৰ নিশ্চিত প্ৰদান কৰে। তেওঁলোকে আঞ্চলিক আৰু বিশ্ব উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভতো মত-বিন...

April 4, 2025 11:38 AM

views 70

থাইলেণ্ডৰ ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে বিমস্টেক-সমৃদ্ধিশালী, স্থিতিস্থাপক গুণসম্পন্ন আৰু মুকলি। এইবেলি শীৰ্ষ সন্মিলনত ‘বেংকক দৃষ্টিভংগী-২০৩০’ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ লগতে সংগঠনটোৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা নিৰূপণৰ উদ্দেশ্যে BIMSTEC-ৰ বিশিষ্ট ব্যক্তিসকলৰ গোটে দাখিল কৰা প্ৰতিবেদনখন বিবেচনালৈ অনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি দুদিনীয়া ভ্রমণসূচীৰে বেংককত উপস্থিত হয়। তেওঁ কালি থাইলেণ্ডৰ প্ৰধানমন্ত্রী পিটং...

March 28, 2025 7:04 PM

views 62

ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত প্রধানমন্ত্ৰী বেংককলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে থাইলেণ্ডৰ বেংককলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ন চীনাৱাট্টাৰ আমন্ত্ৰণ মৰ্মে শ্ৰী মোদী দেশখনলৈ যাব। এয়া হ'ব তেওঁৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। এই সন্মিলনত BIMSTEC ৰাষ্ট্ৰসংঘৰ মাজত সহযোগিতা বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত ৪ এপ্ৰিলত প্রধানমন্ত্ৰীগৰাকী তিনি দিনীয়া ভ্ৰমণসূচীৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যাব। এই ভ...

March 28, 2025 6:59 PM

views 54

অহা ৩০ মাৰ্চৰ পৰা প্রধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে নাগপুৰলৈ গৈ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে দীক্ষা ভূমিও ভ্ৰমণ কৰিব। ইয়াৰ পাছত তেওঁ নাগপুৰত মাধৱ নেত্ৰালয় প্রিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভাতো ভাষণ দিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনত নতুনকৈ স্থাপন কৰা কেইবাটাও প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বিলাশপুৰত ৩৩ হাজাৰ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি ব্যয় স...

March 21, 2025 6:33 PM

views 63

প্রধানমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে বুলি প্রেম সিং তামাঙৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে আৰু অঞ্চলটোত উন্নত পথ, ৰে'ল আৰু বিমান যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে বুলি ছিকিমৰ মুখ্যমন্ত্ৰী প্রেম সিং তামাঙে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গেংটকৰ পলজোৰ ষ্টেডিয়ামত আয়োজিত অষ্টম উত্তৰ-পূব যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্ৰীতামাঙে উত্তৰ-পূৰ্বাঞ্চলক অষ্ট লক্ষ্মী হিচাপে স্বীকৃতি প্ৰদান আৰু উন্নতি ২০২৪, ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ডআপ ইণ্ডিয়াৰ লেখীয়া উদ্যমৰ জৰিয়তে অঞ্চলটোলৈ অহৰহ সহায় সমৰ্থন আগ...

March 17, 2025 7:53 PM

views 64

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি ৫ খন চুক্তি স্বাক্ষৰিত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ৰ ৫ খন চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে অর্থনৈতিক ব্যৱস্থাৰ পাৰস্পৰিক গ্রহণযোগ্যতাৰ চুক্তিও স্বাক্ষৰ কৰে। দুয়ো পক্ষই মুক্ত বাণিজ্য চুক্তি আলোচনা আৰু পেচাদাৰী তথা দক্ষ শ্রমিকৰ গতিশীলতাৰ বাবে সহজলভ্য ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ কথাও ঘোষণা কৰে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে । সংবাদ মাধ্যমযোগে দিয়া এটা বিবৃতিত শ্রী...

March 10, 2025 1:09 PM

views 69

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

 ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমতী মুৰ্মুৱে কয়, যে বিশ্বৰ একমাত্ৰ দলৰূপে ভাৰতে তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই কৃতিত্বৰ বাবে খেলুৱৈ তথা দলৰ ব্যৱস্থাপক, সহযোগী-সকলো সর্বোচ্চ প্ৰশংসাৰ দাবীদাৰ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ এই জয়ক অসাধাৰণ অভিহিত কৰি প্ৰতিযোগিতাখনত দলটোৱে অতি সুন্দৰ প্ৰদৰ...

March 6, 2025 8:24 PM

views 62

ৰাষ্ট্ৰীয় দৈনিক কাকতত অশ্বিনী বৈষ্ণৱৰ উন্নত ভাৰতৰ দিশে ডিজিটেল পথ শীৰ্ষক প্ৰবন্ধটোৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত লিখা উন্নত ভাৰতৰ দিশে ডিজিটেল পথ শীৰ্ষক প্ৰবন্ধটোৰ প্ৰশংসা কৰে। প্ৰবন্ধটোৰ উদ্ধৃতি দি সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, কৃত্রিম বুদ্ধিমত্তা, অর্ধপৰিবহী আৰু বৈদ্যুতিন উৎপাদনৰ ওপৰত গুৰুত্ব দি দেশখনে কেনেদৰে নিজৰ ডিজিটেল ভৱিষ্যৎ গঢ় দিছে সেই বিষয়ে প্ৰবন্ধটোত বিশদভাৱে উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, প্ৰবন্ধটোত শ্ৰী বৈষ্ণৱে ছফ্‌টৱেৰৰ বিকাশৰ ক্...