September 26, 2025 1:34 PM

views 51

বিহাৰত আজি প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে বিহাৰত মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰে। শ্ৰী মোদীয়ে লগতে ৰাজ্যখনৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ১০ হেজাৰ টকাকৈ হস্তান্তৰ কৰে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে স্বনিয়োজন আৰু জীৱিকাৰ সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে বিহাৰ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই যোজনাৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোটৰ সৈতে হিতাধিকাৰী মহিলাসকলক স...

September 26, 2025 1:15 PM

views 74

গোলকীয় বিনিয়োগকাৰী সকলে ভাৰতলৈ আশাৰে চাইছে বুলি প্রধানমন্ত্ৰীৰ প্ৰকাশ

গোলকীয় বিনিয়োগকাৰী বিশেষকৈ খাদ্য খণ্ডৰ বিনিয়োগকাৰীসকলে ভাৰতলৈ আশাৰে চাইছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বিশ্ব খাদ্য ভাৰত ২০২৫ শীর্ষক কার্যসূচীত অংশগ্রহণ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে শক্তিশালী ঘৰুৱা চাহিদাই ভাৰতক বিনিয়োগকাৰীসকলৰ বাবে পছন্দৰ ঠাই হিচাপে গঢ়ি তুলিছে। ২১ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ কথা স্বীকাৰ কৰি শ্ৰী মোদীয়ে কয়, যে যেতিয়াই গোলকীয় প্ৰত্যাহ্বানৰ উত্থান হৈছে তেতিয়াই ভাৰতে এটা ইতিবাচক ভূমিকা পালন কৰি আহিছে। ভাৰতে গোলকীয় খাদ্য সুৰক্ষাৰ দি...

September 4, 2025 8:44 PM

views 53

নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে এখন বিস্তৃত আৰু ফলপ্ৰসূ বৈঠকত মিলিত হয়। সেউজ আৰু ডিজিটেল জাহাজ কৰিড'ৰ, মহাকাশ খণ্ডত সহযোগিতা, অসামৰিক বিমান পৰিবহন খণ্ডত সহযোগিতা আৰু প্ৰশিক্ষণ আৰু ডিজিটেল সম্পদ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি মুঠ পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব পি কুমাৰনে কয় যে দুয়োগৰাকী নেতাই সৰ্বাত্মক কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ৰূপৰেখা প্ৰস্তুত কৰে।...

September 3, 2025 7:12 PM

views 58

অহা ১৪ ছেপ্তেম্বৰত নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধানাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্রকল্পটো উদ্বোধনৰ বাবে প্রায় সাজু কৰি তোলা হৈছে। এই প্রকল্পটোৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার্ফিউৰেল আৰু ১১ হাজাৰ টন এচিটিক এছিড উৎপাদন কৰা হ'ব। অবশিষ্ট লীগনিনৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে আজি সংবাদমেলত উল্লেখ কৰে। ইয়া...

August 14, 2025 8:31 PM

views 81

লালকিল্লাৰ প্ৰাচীৰত কাইলৈ প্রধানমন্ত্ৰীৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন

সমগ্র দেশে কাইলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ দৃষ্টিভংগীৰ দিশে দেশ ধাৱমান হোৱাৰ সময়ত উদযাপিত এইবাৰৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘নতুন ভাৰত’। এই উদযাপনে সমৃদ্ধিশালী, সুৰক্ষিত আৰু সাহসী নতুন ভাৰতৰ ক্ৰমৱবৰ্ধমান উত্থানৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে নতুন শক্তি য...

August 7, 2025 12:15 PM

views 49

বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢি় তুলিছে। কালি সন্ধিয়া কৰ্তব্য পথত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি শ্ৰীমোদীয়ে কয়, যে ভাৰতক এক সামগ্ৰিক দৃষ্টিভংগীৰে গঢ় দিয়া হৈছে য’ত দেশৰ প্ৰতিটো অঞ্চললৈ উন্নয়ন বিয়পি পৰিছে। তেওঁ কয় যে, দেশত ৩০ হাজাৰৰো অধিক পঞ্চায়ত ভৱন, দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক গৃহ আৰু ৩০০ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢি় তোলাৰ লগতে...

July 14, 2025 8:47 PM

views 62

বি সৰোজা দেৱীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

বিশিষ্ট অভিনেত্ৰী বি সৰোজা দেৱীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, অভিনেত্ৰী সৰোজা দেৱীক সমাজে ভাৰতীয় চলচ্চিত্ৰ আৰু সংস্কৃতিৰ এগৰাকী অনন্য শিল্পীৰূপে সদায় মনত ৰাখিব। শ্রীমোদীয়ে লগতে কয় যে তেওঁৰ অনন্য অভিনয়শৈলীয়ে সকলো প্ৰজন্মৰ লোককে আকৰ্ষিত কৰিছে। বিভিন্ন ভাষাত কৰা অভিনেত্ৰীগৰাকীৰ অভিনয় কৰ্মই শিল্পীগৰাকীৰ বহুমুখী প্রতিভাক দাঙি ধৰিছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

June 24, 2025 8:44 PM

views 61

ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হ’ব নোৱাৰে – প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে, ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হ'ব নোৱাৰে আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে এই ভাষ্য স্পষ্ট ৰূপত দাঙি ধৰা হৈছে। তেওঁ লগতে কয়, যে এই অভিযানৰ জৰিয়তে গোলকীয় পৰ্য্যায়ত ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মসৃণ আৰু অনমনীয় কাৰ্য্যপন্থা বিশ্ববাসীয়ে ইতিমধ্যে দেখা পাইছে। প্রধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত অনুষ্ঠিত আধ্যাত্মিক আৰু নৈতিক আদর্শেৰে পূৰ্ণ দুজন মহান নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ কথোপকথনৰ শত...

June 21, 2025 8:21 PM

views 68

মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু শিশু কল্যাণ নীতিত যোগৰ বিষয়টো অন্তৰ্ভুক্তিত আলোকপাত কৰা এটা প্ৰবন্ধ ছেয়াৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণ দেৱীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে মহিলা আৰু শিশু বিকাশ নীতিত যোগৰ অন্তৰ্ভুক্তিয়ে তৃণমূল পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। অন্নপূর্ণা দেৱীয়ে তেওঁৰ প্ৰবন্ধত গৰ্ভধাৰণৰ পূৰ্বে আৰু পাছত যোগক আকোৱালি ল'লে স্বাস্থ্যজনিত সমস্যাসমূহ ফলপ্ৰসূভাৱে ৰোধ কৰিব পৰা যায়। তেওঁ কয়, ...

June 7, 2025 8:19 PM

views 89

ভাৰতক লক্ষ্য কৰি চলোৱা যিকোনো আক্ৰমণৰ সমীচিন প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক লক্ষ্য কৰি চলোৱা যিকোনো আক্ৰমণৰ সমীচিন প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সন্তাসবাদী আৰু ষড়যন্ত্ৰকাৰীৰ মাজত কোনো ধৰণৰ ভেদাভেদ কৰা নহ'ব বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা নিবন্ধ শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ নিবন্ধত পাকিস্তানৰ পৃষ্ঠপোষকতা প্রাপ্ত সন্ত্রাসবাদ সদ্য নকৰা নীতিৰ বিষয়ে উল্লেখ কৰে আৰু ইয়াৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰৰ আশ্বাস দিয়ে। তেওঁ কয়, যে সন্ত্রাসবাদ...