November 1, 2024 8:26 PM

views 96

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। এই পৰ্য্যায়ৰ বাবে ৬৩৪ জন প্রার্থীয়ে মনোনয়ন দাখিল কৰে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৩ নবেম্বৰত ৪৩টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ'ব।

April 20, 2024 12:29 PM

views 79

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ গান্ধীনগৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি গান্ধীনগৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৰেশ ধনানীয়েও ৰাজকোট আসনৰ পৰা মনোনয়ন দাখিল কৰিছে। গুজৰাটত তৃতীয় পৰ্যায়ত অহা ৭ মে’ত লোকসভা নির্বাচন অনুষ্ঠিত হ'ব।

April 8, 2024 8:07 PM

views 71

দ্বিতীয় পৰ্যায়ত ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিনা ৰাজ্যখনত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ ফলত এই পৰ্যায়ত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। আজি ডিফু সমষ্টিত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। এই পৰ্যায়ত দৰং, ওডালগুৰি সমষ্টিত ১১ গৰাকী, দিফুত ৫, কৰিমগঞ্জত ২৪, শিলচৰত ৮ আৰু নগাঁও সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এই পৰ্যায়ত বিজেপিৰ হৈ দৰং-ওদালগুৰিত সাংসদ দিলীপ শ‍ইকীয়া, কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্...

April 3, 2024 8:37 PM

views 72

বৰ্তমানলৈকে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি দেশৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৱায়নাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। ইফালে, ৰাজ্যখনত আজি পুনৰ ১৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াকে লৈ এই পর্যন্ত দ্বিতীয় পৰ্যায়ৰ বাবে ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মল্লা আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত ...

April 1, 2024 8:50 PM

views 28

২৬ এপ্ৰিলত ৰাজ্যত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত হবলগীয়া নিৰ্বাচনৰ বাবে আজি ৰাজ্যত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰ ভিতৰত এগৰাকী শিলচৰৰ আৰু আনগৰাকী নগাওঁ সমষ্টিৰ প্ৰাৰ্থী। উল্লেখযোগ্য যে, এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৪ এপ্রিল ধাৰ্য কৰা হৈছে। আনহাতে, মনোনয়ন পত্র প্ৰত্যাহাৰৰ শেষ দিন অহা ৮ এপ্রিল। এই পর্যায়ত নিৰ্বাচন হ'বলগীয়া দৰং-ওদালগুৰি, ডিফু-কৰিমগঞ্জ, শিলচৰ আৰু নগাওঁ সমষ্টিত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনহাতে জিলাকেইখনৰ প্ৰশাসনসমূহেও নিৰ্বাচনৰ ...

March 27, 2024 6:12 PM

views 127

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ১৯ এপ্ৰিলত ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় নির্বাচনী জিলাত নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া জয়প্ৰকাশ শিৱহাৰেক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। পর্যবেক্ষকগৰাকীয়ে ৰাইজৰ নিৰ্বাচন সংক্রান্তীয় ওজৰ-আপত্তি থাকিলে 86385-45057 ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। তেওঁ লগতে কোনো প্রলোভনৰ বশৱৰ্তী নোহোৱাকৈ নিজৰ বিচাৰ-বিবেচনাৰে...