November 16, 2024 7:17 PM

views 61

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। এই উপলক্ষে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে দিছপুৰত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট গল্পকাৰ আৰু প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ড০ কুলধৰ শ‍ইকীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰকৃতি বিষয়ত বক্তৃতা প্ৰদান কৰ...

July 13, 2024 7:44 PM

views 61

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদকৰ নিযুক্তিৰ বাবে কাইলৈ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ঠিকাভিত্তিক সম্পাদনা সহায়ক আৰু বাতৰি পৰিৱেশক তথা অনুবাদক পদত নিযুক্তিৰ বাবে কাইলৈ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। মুঠ ১০০ নম্বৰৰ এই পৰীক্ষা দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক দিনৰ ১০ বজাত যাৱতীয় তথ্য-পাতিৰ লগতে ফটো পৰিচয় পত্রসহ পৰীক্ষাস্থলীত উপস্থিত হ'বলৈ কোৱা হৈছে।