August 7, 2026 12:14 PM

views 25

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক হস্ততাঁত সামগ্রী ক্রয় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে উৎসাহ উদ্দীপনাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে ১৯০৫ চনৰ ৭ আগষ্টত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে স্বদেশী আন্দোলন আৰম্ভ কৰা হৈছিল আৰু সমাজৰ সকলো ক্ষেত্ৰৰ লোকে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ঐতিহাসিক যুঁজত অৱতীৰ্ণ হৈছিল।  প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক নিজ হাতেৰে বস্ত্ৰ প্ৰস্তুত কৰা দুখীয়া শিপিনী পৰিয়াল আৰু কাৰিকৰসকলক সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ...