July 29, 2026 9:36 PM
4
সত্ৰীয়া সংগীত শিক্ষক সমাজৰ উদ্যোগত দৰং জিলা সত্ৰীয়া সংগীত শিক্ষক সমাজ আৰু মঙলদৈ যুৱ সংঘৰ সহযোগত দ্বাদশ চিন্তন বৈঠক-কৰ্মশালা
সত্ৰীয়া সংগীত শিক্ষক সমাজৰ উদ্যোগত দৰং জিলা সত্ৰীয়া সংগীত শিক্ষক সমাজ আৰু মঙলদৈ যুৱ সংঘৰ সহযোগত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ চিন্তন বৈঠক আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে। মঙলদৈ জিলা পুঁথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এই কৰ্মশালাত পতাকা উত্তোলন, স্মৃতি তর্পন, বিশিষ্ট ব্যক্তিক সম্বর্ধনা, সত্ৰীয়া সংগীতৰ সন্ধিয়া আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সত্ৰীয়া সংগীত শিক্ষক সমাজৰ সভাপতি তথা পদ্মভূষণ বঁটাৰে সন্মানিত নৃত্যাচার্য যতীন্দ্রনাথ গোস্বামী, কার্যকৰী সভাপতি গোবিন্দ শইকীয়া বৰবায়...