October 22, 2024 2:44 PM

views 56

প্ৰতিবাদী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বৈঠক

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি নবান্নাত থকা ৰাজ্যিক সচিবালয়ত প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকলৰ প্ৰতিনিধিবর্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাৰ ভুক্তভোগীৰ বাবে ন্যায় প্ৰদানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত কনিষ্ঠ চিকিৎসকসকলে তেওঁলোকৰ অনশন বাতিল কৰিছে। বৈঠকত ৰাজ্যখনৰ মুখ্য সচিব আৰু গৃহ সচিবো উপস্থিত থাকে।

September 17, 2024 12:15 PM

views 59

প্রতিবাদী কনিষ্ঠ চিকিৎসকসকলে উত্থাপন কৰা চাৰিটা দাবীৰ ভিতৰত ৰাজ্য চৰকাৰে তিনিটা দাবী মানি লৈছেঃ মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কৈছে যে প্রতিবাদী কনিষ্ঠ চিকিৎসকসকলে উত্থাপন কৰা চাৰিটা দাবীৰ ভিতৰত ৰাজ্য চৰকাৰে তিনিটা দাবী মানি লৈছে। কালিঘাটস্থিত বাসগৃহত যোৱা নিশা কনিষ্ঠ চিকিৎসকসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে চিকিৎসকসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কলকাতা আৰক্ষীৰ আয়ুক্ত বিনীত গোয়েলক অপসাৰণ কৰা হ'ব। আজি বিয়লি অধিসূচনাৰ জৰিয়তে আৰক্ষী বাহিনীত হ'বলগীয়া ৰদ-বদল কাৰ্যকৰী কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কনিষ্ঠ চিকিৎসকসকলক কর্তব্...

June 18, 2024 6:48 PM

views 70

ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে চি বি আইৰ হাতত দায়িত্ব অৰ্পণৰ বাবে মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্রযোগে আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আই আই টি খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ কচুজানৰ ছাত্ৰ ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে বিষয়টোৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক পত্রযোগে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জৰুৰীভাৱে প্ৰেৰণ কৰা পত্ৰখনত ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ ফৰেনচিক প্রতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ কথা উল্লেখ কৰি প্ৰয়াত আহমেদৰ পিতৃ-মাতৃক ন্যায় প্ৰদানৰ নিশ্চিতিৰ বাবে এ...

May 2, 2024 8:44 PM

views 50

কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও তৃণমূল কংগ্ৰেছৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছেঃ মমতা বেনাৰ্জী

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কৈছে যে, কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও দলটোৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে। পশ্চিমবংগৰ নাদিয়া জিলাৰ তেহট্টাত আজি কৃষ্ণানগৰৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে এইদৰে কয়। তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় যে, তেওঁ পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বলৱৎ হ'ব নিদিয়ে। ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ পৰা মহিলাসহ সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ দা...

April 6, 2024 7:03 PM

views 60

বিৰোধী দলৰ নেতাক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰা বুলি মমতা বেনাৰ্জীৰ বিজেপিক তীব্র সমালোচনা

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বিৰোধী দলৰ নেতাক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰা বুলি বিজেপিক তীব্র সমালোচনা কৰে। ৰায়গঞ্জ সংসদীয় সমষ্টিত নির্বাচনী প্ৰচাৰত আজি ভাষণ দি তেওঁ কয় যে, বিজেপিয়ে কেন্দ্ৰীয় সংস্থাৰ সহায় লৈ হেমন্ত চোৰেণ আৰু অৰৱিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰোৱায়। এন আই এৰ গ্ৰেপ্তাৰ ৰাজনৈতিক উদ্দেশ্যে প্রণোদিত বুলি শ্রীমতী বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰে। ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ড° সুকান্তো মজুমদাৰে কয় যে, পশ্চিমবংগৰ আইন শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটিছে আৰু য...