December 6, 2024 10:38 AM
78
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দৰ্শন কৰিছে
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি উদ্যানখনত যোৱা দুটা মাহত পৰ্যটকৰ সংখ্যা যথেষ্ট বাঢ়িছে। অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া উদ্যানখন যোৱা দুটা মাহত ৮১ হাজাৰ ৬৮ গৰাকী পৰ্যটকে দর্শন কৰে। ইয়াৰে ৩ হাজাৰ ৪২৫ গৰাকী বিদেশী পৰ্যটক। অক্টোবৰত ২৯ হাজাৰ ৫৭৯ গৰাকী পৰ্যটক আৰু নৱেম্বৰত ৫১ হাজাৰ ৪৮৯ গৰাকী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰে। পৰ্যটকৰ পৰা যোৱা দুটা মাহত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ প্রায় ডেৰ কোটি টকা ৷ ইফালে, সৰ্বভাৰতীয় ভিত্তিত চলি থকা হাতীৰ সংখ্যা নিৰূপণৰ অংশ হিচাপে অসমকে ধৰি উত্তৰ...