October 16, 2024 11:39 AM | Kaziranaga national park

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলিৰ  ১৩ দিনৰ ভিতৰত ২৪ লাখ ১৬ হাজাৰ টকা ৰাজহ সংগ্ৰহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ মাত্ৰ ১৩ দিনৰ ভিতৰতে ২৪ লাখ ১৬ হাজাৰ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। কেৱল জীপ চাফাৰীৰ জৰিয়তে বন বিভাগে দেশী-বিদেশী পৰ্যটকৰ পৰা এই ৰাজহ সংগ্ৰহ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়া মতে দুর্গোৎসৱৰ সময়ছোৱাত কাজিৰঙালৈ অধিক সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পৰ্যটনৰ এই গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষসমূহত অক্টোবৰ মাহৰ প্ৰথম ভাগতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি আহিছে। যাৰ ফলত পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত উদ্যানখনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষত ৩ লাখ ২৭ হাজাৰ ৪৯৩ গৰাকী পৰ্যটকৰ আগমন ঘটিছিল।