October 21, 2025 6:34 PM

views 110

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ ছিংগাপুৰ আৰক্ষীৰে আলোচনা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে আজি দেশখনৰ আৰক্ষীৰ সৈতে আলোচনাত মিলিত হয়। এছ আই টিৰ মুৰববী মুন্নাপ্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰণ গোৱেলে ছিংগাপুৰ আৰক্ষীৰ পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যাবতীয় তথ্য সংগ্ৰহ কৰে। ছিংগাপুৰ আৰক্ষীৰ সৈতে এছ আই টিৰ বিষয়া দুগৰাকীয়ে প্রায় ৩ ঘণ্টা আলোচনাত মিলিত হোৱাৰ পাছত আৰক্ষীয়ে এছ আই টিক সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৩ মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ প্রতিবেদন দাখিল কৰিব ব...

October 21, 2025 11:34 AM

views 94

জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুছি স্থানক জুবিনক্ষেত্র হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গার্গৰ প্রকাশ

 সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্র নির্মাণক লৈ কালি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, অভিনেতা প্রাঞ্জল শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ভাস্কর্য শিল্পী বীৰেন সিংহ, সংগীত শিল্পী পুলক বেনাৰ্জীকে ধৰি সমিতিখনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা কথা বার্তাত গৰিমা গার্গে কয়, যে জুবিন গাৰ্গক নবপ্রজন্মৰ আগত চিনাকী কৰি দিব পৰাকৈ সকলো সমল সমাধিক্ষেত্র...

October 20, 2025 11:51 AM

views 83

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট আজি ছিংগাপুৰলৈ ৰাওনা

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আজি অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট ছিংগাপুৰলৈ ৰাওনা হ'ব। এছ আই টিৰ মুৰববী মুন্নাপ্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলৰ দুজনীয়া দলটোৱে ছিংগাপুৰত গৈ জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব। এছ আই টিৰ দলটোৱে কাইলৈ ছিংগাপুৰৰ আৰক্ষীৰ সৈতে আনুষ্ঠানিকভাবে মিলিত হ'ব। অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ জৰিয়তে ছিংগাপুৰ এটর্নী জেনেৰেললৈ তদন্তত সহযোগ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ছিংগাপুৰ আৰক্ষীয়ে এছ আই টিক সহযোগ কৰাৰ সেউজ সংকেত প্রদান কৰে। ইয়াৰ পাছতে আজি...

October 19, 2025 8:26 PM

views 104

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচীৰ আয়োজন

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত মাঙ্গলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। শিল্পীগৰাকীৰ সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্ৰত আজি ডিমৰীয়াবাসী ৰাইজে গীতা পাঠ, সংকীর্তন, সর্বধর্ম প্ৰাৰ্থনাৰ লগতে এশগৰাকী নামতী দলে নাম-প্রসংগ আৰু এশগৰাকী বাঁহীবাদকে শ্রদ্ধাঞ্জলি জনায়। নিশালৈ ভাওনা পৰিবেশনৰ ব্যৱস্থা কৰা হৈছে। বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে ১২ ঘণ্টীয়া অখণ্ড থিয় নাম পৰিবেশন কৰা হয়। গুৱাহাটী মহানগৰীৰ কাহিলীপা...

October 19, 2025 12:38 PM

views 84

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া উপলক্ষে শিল্পীগৰাকীলৈ জনতাৰ শ্ৰদ্ধাঞ্জলি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত মাঙ্গলিক কার্যসূচী আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ পৰিয়ালৰ লোকে এই এমহীয়া তিথিৰ আয়োজন কৰিছে। ইপিনে, ডিমৰীয়াবাসী ৰাইজে জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ স্মৃতিক্ষেত্ৰত আজি গীতা পাঠ, সংকীর্তন, সর্বধর্ম প্রার্থনা, এশগৰাকী নামতী দলৰ নাম-প্ৰসংগ, এশগৰাকী বাঁহীবাদকৰ দ্বাৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে নিশালৈ ভাওনা পৰিবেশনৰ উদ্যোগ গ্ৰহণ কৰিছে। বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত লতাশিল খেলপথাৰত জুবিন...

October 17, 2025 12:02 PM

views 96

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। ১৪ দিনৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ অন্ত পৰাৰ পাছত দুয়োজনকে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে, যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচজনক বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত ৯জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয...

October 10, 2025 12:52 PM

views 81

৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসৰ জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী

● ৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰিছে। ইণ্ডো-চীন সীমান্তৰ তাতচিং ভ্ৰমণ সামৰি শিৱসাগৰত কালি বিয়লি উপস্থিত হোৱা মিনাক্ষী দাসে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ সন্মুখৰ পৰা শিল্পীগৰাকীৰ প্ৰতি এই দাবী উত্থাপন কৰে।

October 2, 2025 6:13 PM

views 129

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন

■ ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পর্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে চি আই ডিত ৰুজু হোৱা ১৮/২০২৫ নম্বৰ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰিছিল। দুই প্রধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত বিশেষ তদন্তকাৰী গোটে ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ...