প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত মাঙ্গলিক কার্যসূচী আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ পৰিয়ালৰ লোকে এই এমহীয়া তিথিৰ আয়োজন কৰিছে।
ইপিনে, ডিমৰীয়াবাসী ৰাইজে জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ স্মৃতিক্ষেত্ৰত আজি গীতা পাঠ, সংকীর্তন, সর্বধর্ম প্রার্থনা, এশগৰাকী নামতী দলৰ নাম-প্ৰসংগ, এশগৰাকী বাঁহীবাদকৰ দ্বাৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে নিশালৈ ভাওনা পৰিবেশনৰ উদ্যোগ গ্ৰহণ কৰিছে। বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত লতাশিল খেলপথাৰত জুবিন গাৰ্গৰ মৃত্যু এমাহ উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। একেদৰে উত্তৰ গুৱাহাটীত সাতগাঁও শিক্ষা নিকেতনৰ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বিয়োগৰ এমাহ উপলক্ষে আজি ওদালগুৰি জিলাত দাপোন দা মিৰৰ, টংলা আৰু টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত শ্রদ্ধাঞ্জলি তথা স্মৃতিসৌধ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা শিল্পীগৰাকীৰ চিতাভস্ম কুলশী নৈত বৈদিক নীতি-নিয়মেৰে বিসৰ্জন দিয়া হয়।
ইপিনে, বজালী জিলাৰ পাঠশালাতো কালি শিল্পীগৰাকীৰ স্মৃতিত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। উপস্থিত জনতাই শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ ৰহস্যজনক মৃত্যুৰ ন্যায় কামনা কৰে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ঐতিহ্যমণ্ডিত গাংমৌথানৰ গাংমৌথান কালী পূজা উদযাপন সমিতিয়ে ৰাজ্যৱাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত কালি হাতে হাতে ম’ম শিখা লৈ এটা পদযাত্রা উলিয়ায়।
Assamese | October 19, 2025 12:38 PM | JusticeForZubeenGarg
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া উপলক্ষে শিল্পীগৰাকীলৈ জনতাৰ শ্ৰদ্ধাঞ্জলি